অসমৰ এগৰাকী প্ৰতিথযশা সাহিত্যিক ,জ্ঞানপীঠ বিজয়ী মামনি ৰয়ছম গোস্বামীয়ে পূৰ্বতে কৰা এক মন্তব্যই বৰ্তমান সময়ত সমগ্ৰ অসমতে খলকনি তুলিছে ৷ কবি নীলমণি ফুকন জ্ঞানপীঠ বঁটাৰে সন্মানিত হোৱাৰ পিছতে মামনি ৰয়ছমৰ এই বিশেষ মন্তব্য অসমৰ সাহিত্য জগত তথা সামাজিক মাধ্যমতো অসাধাৰণ ভাৱে চৰ্চিত হৈ পৰিছে৷ বহুজনৰ মতে মামনি ৰয়ছম গোস্বামীয়ে সেইসময়ত অসমীয়া সাহিত্যত কবিতাৰ ভৱিষ্যতৰ কথা অনুধাৱন কৰিব পাৰি এই ভৱিষ্যৎবাণী কৰিছিল ৷ কিন্তু জানিবপৰা মতে গোস্বামীয়ে কৰা এই মন্তব্য প্ৰকৃতাৰ্থত নাছিল কোনো ভৱিষ্যৎবাণী যি বৰ্তমান সময়ত এক ঐতিহাসিক মন্তব্য হিচাপে অসমীয়া সাহিত্য জগতত তোলপাৰ লগাইছে৷ প্ৰকৃতাৰ্থত সাহিত্যিক গৰাকী জ্ঞানপীঠ সন্মানেৰে সন্মানিত হোৱাৰ সময়ত তেওঁ জ্ঞানপীঠ লাভ কৰাৰ বাতৰিত আনন্দিত হোৱাৰ পিছতো নিজে কিয় কবিতাৰ বাবে জ্ঞানপীঠ লাভ কৰিব নোৱাৰিলে সেই কথা ভাবি সেইসময়ৰ এগৰাকী বিখ্যাৎ কবিয়ে অন্তৰত গুৰুতৰ আঘাত পাইছিল ৷ ইয়াৰ পিছতে তেওঁ অসুস্থ হৈ পৰিছিল আৰু হৃদৰোগত ভোগাৰ বাবে তেওঁক এখন আগশাৰীৰ চিকিৎসালয়ত ভৰ্তি কৰাব লগীয়া হৈছিল৷ মামনি ৰয়ছম গোস্বামীয়ে তেখেতক গুৰু জ্ঞান কৰিছিল আৰু তেওঁ যথেষ্ট সন্মান কৰা এজন অগ্ৰজ কবিৰ অৱদানৰ কাৰণ আৰু মানসিক অৱস্থাৰ কথা উপলব্ধি কৰিয়েই এক সাক্ষাৎকাৰত নিৰ্দিষ্ট প্ৰশ্নৰ উত্তৰত কেৱল কবিতাক উচ্চ স্থান দি তেওঁ তেনে মন্তব্য কৰিবলগীয়া হৈছিল আৰু জ্ঞানপীঠ বিজয়িনীৰ সেই মন্তব্যই আজিৰ দিনটোত হৈ পৰিল ঐতিহাসিক ৷