জেতুকা এবিধ ঔষধি গছ। পৃথিৱীৰ বিভিন্ন অঞ্চলৰ বিভিন্ন সাংস্কৃতিক আৰু সামাজিক কামৰ লগতে ভাৰতীয় জনসংস্কৃতিতো বহু বছৰ পূৰ্বৰে পৰা জেতুকা ব্যৱহাৰ হৈ আহিছে । অসমৰ লগতে মহাৰাষ্ট্র, গুজৰাট, ৰাজস্থান, উত্তৰ প্রদেশত অতি বহুলভাৱে জেতুকাৰ ব্যৱহাৰ চলি আহিছে।
অসমৰ দৰেই মহাৰাষ্ট্ৰৰ নাৰীসকলেও হাত-ভৰিৰ তলুৱাত আৰু নখত বিভিন্ন ধৰণৰ উৎসৱ-পাৰ্বনত জেতুকা ব্যৱহাৰ কৰে।উল্লেখযোগ্য যে জেতুকাক প্রসাধন হিচাপে ব্যৱহাৰ কৰাৰ নিয়ম ভাৰতবৰ্ষৰ প্রায় আটাইবোৰ ৰাজ্যৰ মানুহৰ মাজত প্রচলিত হৈ আহিছে। অসমৰ বাপতিসাহোন ৰঙালী বিহুত অতীজৰে পৰা জেতুকা ব্যৱহাৰ হৈ আহিছে ৷ ৰঙালী বিহুৰ আগদিনা অর্থাৎ চ’ত মাহৰ দোমাহীৰ দিনা ৰাতি হাত-ভৰিত জেতুকা বন্ধা হয় ।
সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত জেতুকাৰ কিছুমান ঔষধি গুণ আছে –
- জেতুকাপাতৰ ৰসে চুলিৰ ৰং সজীৱ কৰে আৰু মস্তিষ্ক ঠাণ্ডা ৰাখে।
- জেতুকাৰ পাত পিহি তাৰ লগত আমলখিৰ ৰস মিহলাই নিয়মিত চুলিত লগালে অকালপক্কতাৰ পৰা হাত সাৰিব পাৰি।
- পিহি থোৱা জেতুকা পাতৰ লগত দৈ,কণী আৰু নেমু মিহলাই নিয়মিতভাৱে চুলিত লগালে চুলি সৰা বন্ধ হয় , উফিৰ সমস্যা আঁতৰে আৰু চুলিৰ উজ্জ্বলতাও বৃদ্ধি পায়।
- জেতুকাপাত বটি নখত লগালে নখৰ সৌন্দৰ্য বঢ়াৰ লগতে নখৰ যিকোনো ৰোগ ভাল হয়।
- ছালৰ খজুৱতি হ’লে নিয়মিত জেতুকাপাতৰ ৰস লগালে খজুৱতি কমে।
- জেতুকাপাত সিদ্ধ কৰি সেই পানীৰে মুখ ধুলে মুখৰ বলিৰেখা আঁতৰে।
- গ্ৰীষ্মকালত গা ধোৱা পানীত জেতুকাপাতৰ ৰস মিহলাই গা ধুলে শৰীৰৰ দুৰ্গন্ধ নোহোৱা হয় আৰু ঘামচি হোৱা স্থানত জেতুকাপাতৰ ৰস লগালে ঘামচি কমে।
ইয়াৰ উপৰিও জেতুকা পাতৰ আন কিছুমান স্বাস্থ্যজনিত গুণ আছে , যাৰ কথা সাধাৰণতে বহুতো লোকে নাজানে –
- মূৰৰ বিষত জেতুকা পাতৰ ৰস আধা চামুচ খালে বিষ কমে।
- উচ্চ ৰক্তচাপতো জেতুকা পাতৰ ৰস কপালত সানিলে যথেষ্ট সুফল পোৱা যায় ।
- মুখৰ ভিতৰৰ ঘাঁ বা জিভাত ফোঁহা হ’লে জেতুকাৰ পাত কেইখিলামান চোবাই খালে ভাল হয়।
- জেতুকা পাতৰ ৰস এচামুচ উলিয়াই তাত আধা চামুচ মৌজোল মিহলাই খোৱাৰ অভ্যাস কৰিলে ৰাতি টোপনি নোহোৱা সমস্যা আঁতৰ হয়।
- ভৰি পোৰণি, ভৰি কুট-কুটোৱা, জিনজিনোৱা, বিষ হোৱা আদি লক্ষণত জেতুকা পাতৰ ৰস অতি উপকাৰী ।
- মৃগীৰোগতো জেতুকাৰ পাতৰ দুচামুচ ৰস এচামুচ গৰুৰ গাখীৰৰ লগত মিহলাই খালে যথেষ্ট উপকাৰ পোৱা যায়।
সৌন্দৰ্য চৰ্চাৰ লগতে স্বাস্থ্যক্ষেত্ৰত জেতুকাৰ এইবোৰ বনৌষধি গুণ অতি আশ্চর্যজনক আৰু চমৎকাৰী ।