১ মিনিটতে যন্ত্ৰণাবিহীন ভাৱে ইচ্ছামৃত্যু দিব পৰা এই মেছিনৰ নাম দিয়া হৈছে ছাৰ্ক’ ৷ যিকোনো স্থানলৈ লৈ যাব পৰা এই মেচিনৰ দ্বাৰা ইচ্ছা মৃত্যু বিচৰা সকলে কিছু চৰ্ত পূৰণ কৰিহে এই মেচিন ব্যৱহাৰ কৰিব পাৰিব৷
ছুইজাৰলেণ্ড চৰকাৰে এই ‘মৃত্যু যন্ত্ৰ’ ব্যৱহাৰৰ ক্ষেত্ৰত আইনী বৈধতা প্ৰদান কৰিছে৷ এই মেচিন তৈয়াৰ কৰা কোম্পেনীটোৰ মতে এক মিনিটতে এই মেচিনৰ দ্বাৰা এজন লোকে কোনো যন্ত্ৰণা অবিহনে প্ৰাণ ত্যাগ কৰিব পাৰিব ৷এই মেচিনৰ জৰিয়তে অক্সিজেনৰ পৰিমাণ হ্ৰাস কৰা হয় যাৰ ফলত কোনো লোকৰ এক মিনিটৰ ভিতৰতে মৃত্যু হয়৷
একজিট ইণ্টাৰনেশ্যনেল নামৰ প্ৰতিষ্ঠানটোৰ সঞ্চালক ডক্তৰ ফিলিপ নিটস্কেই এই মৃত্যুৰ মেচিন নিৰ্মাণ কৰি উলিয়াইছে আৰু সেয়েহে তেওঁক ‘ডক্তৰ ডেথ’ বুলি অভিহিত কৰা হৈছে৷
ছুইজাৰলেণ্ডত বিগত বৰ্ষত প্ৰায়১৩০০ লোকে আনৰ সহায় লৈ আত্মহত্যা কৰিছিল ৷বেমাৰৰ বাবে চলাফুৰা কৰিব নোৱাৰা লোক সকলৰ বাবে প্ৰতিষ্ঠান টোৱে এই মেচিন সাজি উলিয়াইছে বুলি জানিবলৈ দিছে ৷অৱশ্যে এই মেচিন নিৰ্মাণক লৈ ফিলিপ নিটস্কেই সমালোচনাৰো সন্মূখীন হ’ব লগীয়া হৈছে৷একাংশৰ মতে এই মৃত্যু মেচিনৰ দ্বাৰা বহু লোক আত্ম হত্যাৰ বাবে প্ৰৰোচিত হ’ব ৷