তামিলনাডুৰ কুন্নুৰত সংঘটিত ভয়াৱহ হেলিকপ্টাৰ দূর্ঘটনাত প্ৰাণ ৰক্ষা পৰা একমাত্ৰ ব্যক্তি তথা ৱেলিংটনৰ ডিফেন্স ছার্ভিচ ষ্টাফ কলেজৰ ডাইৰেক্টিং ষ্টাফ গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ বাবে পৰৱর্তী ৪৮ ঘন্টা অত্যাধিক গুৰুত্বপূর্ন হিচাপে বিবেচিত হৈছে ৷শৌর্য চক্ৰ সন্মানেৰে সন্মানিত বৰুণ সিঙৰ শৰীৰৰ ৮০ ৰ পৰা ৮৫ শতাংশ অগ্নিদগ্ধ হোৱা বুলি চিকিৎসালয় কর্তৃপক্ষই সদৰী কৰিছে ৷ ৱেলিংটনৰ সামৰিক হাস্পতালত বর্তমান তেওঁ চিকিৎসাধীন হৈ আছে ৷ তেজাচ যুজাৰুঁ বিমান মাজ আকাশত কাৰিকৰি বিজুতি হোৱা সত্বেও অতি দক্ষতাৰে অৱতৰন কৰিবলৈ সক্ষম হৈছিল সিঙে ৷ যাৰ বাবে তেওঁক যোৱা আগষ্ট মাহত শৌর্য চক্ৰ সন্মান প্ৰদান কৰা হৈছিল ৷
তামিলনাডু চৰকাৰেগ্ৰুপ কেপ্টেইন গৰাকীৰ চিকিৎসাৰ বাবে তামিলনাডুৰ কইম্বাটোৰত বিশেষ ব্যৱস্থা সাজু কৰি ৰাখিছে ৷বায়ু সেনাই বিছাৰিলেই তেওঁক উক্ত হাস্পতাললৈ লৈ যোৱা হ’ব ৷ জেনেৰেল বিপিন ৰাৱাটক আগবঢ়াই আনিবৰ বাবে ছুলুৰলৈ আহিছিল ৷ ৱেলিংটনৰ ডিফেন্স ছার্ভিচ ষ্টাফ কলেজৰ চীফ অৱ ডিফেন্স ষ্টাফ ৰাৱাটে শিক্ষার্থীসকলক উদ্দ্যেশি সম্বোধন কৰাৰ কথা আছিল ৷