চীফ অৱ ডিফেন্স ষ্টাফক কঢ়িয়াই লৈ যোৱা হেলিক্পটাৰ দূর্ঘটনাৰ ত্ৰি-সেৱা তদন্তৰ নির্দেশ দিছে ভাৰতীয় বায়ু সেনাই ৷ এয়াৰ মার্শ্বাল মানৱেন্দ্ৰ সিঙে এই তদন্তৰ নেতৃত্ব দিব ৷ তদন্তকাৰী গোটটোৱে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷
ইতিমধ্যে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে দূঘর্টনাগ্ৰস্ত হেলিকপ্টাৰখনৰ ব্লেক বক্স ৷ এই ব্লেক বক্সৰ পৰা দূর্ঘটনাৰ কাৰণ সন্দর্ভত যথেষ্ট তথ্য লাভ কৰিব বুলি আশা কৰা হৈছে ৷
হেলিকপ্টাৰ দূর্ঘটনাৰ সবিশেষ আজি লোকসভা আৰু ৰাজ্যসভাৰ মজিয়াত প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ লোকসভাৰ কাম কাজ আৰম্ভ হোৱাৰ পূর্বে বিপিন ৰাৱাট আৰু আন নিহত সকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি এক মিনিট সময় মৌন প্ৰর্থনা কৰা হয় ৷
অজি সন্ধিয়া ৰাৱাট আৰু আন নিহতসকলৰ নশ্বৰদেহ ৱেলিংটনৰ পৰা বায়ুসেনাৰ বিশেষ বিমানেৰে দিল্লীলৈ অনা হ’ব ৷ তেওঁলোকৰ অন্তিম সংস্কাৰ সামৰিক মর্যাদাৰে কৰা হ’ব ৷