দিল্লীৰ ৰুহিনী ক’ৰ্টত আজি পুৱা সংঘটিত হয় এক ভয়ংকৰ বিস্ফোৰণ ৷ এই ঘটনাত চাৰিজন লোক আঘাত প্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে যদিও আঘাত গুৰুতৰ নহয় ৷ উক্ত ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে৷ এই মূহুৰ্তলৈকে ঘটনাটো কেনেকৈ সংঘটিত হ‘ল তাৰ কোনো বিতং তথ্য হাতত পৰা নাই যদিও শেহতীয়া তথ্য অনুসৰি এটা লেপটপ বেগৰ পৰা এই বিস্ফোৰণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷