দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ তথা ৰাজ্যসভাৰ সাংসদ ৰঞ্জন গগৈৰ আত্মজীৱনী’জাষ্টিচ ফৰ দ্যা জজ্” বুধবাৰে নতুন দিল্লীত অয়োজিত এক অনু্ষ্ঠানত উন্মোচন কৰা হয় ৷ এই আত্মজীৱনীত তেওঁৰ জীৱনৰ বহু গোপন অধ্যায়ৰ বিষয়ে উল্লেখ কৰিছে ৷ বিশেষকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ কেতবোৰ কথা উল্লেখ কৰিছে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপতি হৈ থকাৰ সময়ত এটা গোচৰত মনে বিচৰা ৰায়দান বিচাৰি ব্যক্তিগতভাৱে প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীয়ে চেষ্টা কৰিছিল বুলি উল্লেখ কৰিছে ৷ অসম আৰক্ষীত ৬০০০ কনিষ্টবল নিযুক্তিক লৈ ৰুজু হোৱা এটা গোচৰত প্ৰয়াত তৰুন গগৈয়ে মনে বিচৰা ৰায়দান বিচাৰিছিল বুলি উল্লেখ কৰিছে আত্মজীৱনীত ৷
.
এই সন্দর্ভত তেওঁ লিখিছে “এই গোচৰটো মোৰ বিচাৰপীঠত বিচৰাধীন হৈ থকাৰ সময়ত এক অনাকাংক্ষিত ঘটনা সংঘটিত হয় ৷ ডিব্ৰুগড়ত থকা মোৰ মাতৃয়ে তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুন গগৈৰ পৰা এটা ফোনকল লাভ কৰে ৷ এই ফোনকলৰ জৰিয়তে মাক গুৱাহাটীত লগ পাবলৈ ইচ্ছা প্ৰকাশ কৰে তৰুন গগৈয়ে ৷ মায়ে লগে লগে মোক এই কথা সদৰী কৰে আৰু ইয়াৰ বাবে গুৱাহাটীলৈ আহিব লাগে নে নালাগে সোধে ৷ মই তেওঁক কৈছিলো যে মুখ্যমন্ত্ৰী এগৰাকীয়ে আমন্ত্ৰন কৰাটো সন্মানৰ বিষয় ৷ গতিকে তেওঁ মুখ্যমন্ত্ৰীক সাক্ষাতৰ বাবে অমান্তি প্ৰকাশ কৰিব নালাগে ৷ তেওঁ পিছদিনাই গুৱাহাটীলৈ আহি মুখ্যমন্ত্ৰীৰ বাসভৱনত উপস্থিত হয় ৷ এই সাক্ষাতৰ সময়তে কনিষ্টবল গোচৰত সকলো জিলাত হোৱা নিযুক্তি বাহাল ৰাখিবলৈ ৰায়দান কৰাৰ বাবে মোক ক’বলৈ অনুৰোধ জনোৱাত মা আচৰিত হৈ পৰিছিল ৷” অৱশ্যে তেওঁৰ মাতৃয়ে গগৈৰ এই অনুৰোধ ৰক্ষা কৰিবলৈ অস্বীকাৰ কৰি মুখ্যমন্ত্ৰীৰ বাসগৃহ এৰিছিল বুলি প্ৰকাশ কৰিছে ৰঞ্জন গগৈয়ে ৷ তেতিয়াৰ মুখ্যমন্ত্ৰী গৰাকীৰ এই কথাই তেওঁক যথেষ্ট অসন্তু্ষ্ট কৰিছিল বুলিও উল্লেখ কৰিছে ৷
তদুপৰি এই আত্মজীৱনী খনত অযোধ্যা গোচৰৰ ৰায়দান, তেওঁৰ বিৰুদ্ধে উঠা যৌন নির্যতনৰ অভিযোগকে ধৰি বহু কাহিনী উল্লেখ কৰিছে দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ গৰাকীয়ে ৷