ধিঙৰ শালকাটি গাঁৱত আবিৰ্ভাৱ হোৱা এজন বাবা যাৰ নাম আজিজুল হক ৷ এইজন বাবাই পানী কেঁচুৱাৰ পৰা ডাঙৰলৈকে সকলোকে জৰা ফুকা কৰে চোতাল সৰা ঝাড়ুৰে ৷ এইজন ভণ্ড বাবাৰ মাছুল ৫০০ টকা ৷ সেই অঞ্চলৰ সহজ সৰল ৰাইজৰ পৰা জৰা ফুকাৰ নামত আজিজুল হকে লুটিছে হাজাৰ হাজাৰ টকা ৷
অন্ধবিশ্বাসৰ বলী হোৱা শালকাটি অঞ্চলৰ ৰাইজে অবৈধভাৱে চিকিৎসা কৰা এইগৰাকী ভণ্ড বাবাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে এই ঝাড়ুবাবাৰ প্ৰবঞ্চনাত অতিষ্ঠ হৈ গাওঁবাসীয়ে আহোমগাওঁ আৰক্ষীচকীত ইতিমধ্যে অভিযোগ দাখিল কৰিছে ৷ কিন্তু জানিব পৰা মতে এইজন ভণ্ড বাবা ওৰফে আজিজুল হকৰ বিৰুদ্ধে প্ৰশাসনে এতিয়ালৈকে কোনো ব্যৱস্থা হাতত লোৱা নাই ৷