দেশৰ চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটৰ আকস্মিক বিয়োগে সমগ্ৰ দেশবাসীক শোকাভিভুত কৰি তোলাৰ সময়তে দেশৰ তিনিওটা বাহিনীক কোনে নেতৃত্ব দিব অথবা ৰাৱাটৰ উত্তৰসুৰী কোন হ’ব তাক লৈ চর্চা আৰম্ভ হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি অহা ৭ ৰ পৰা ১০ দিনৰ ভিতৰতে চীফ অৱ ডিফেন্স ষ্টাফৰ পদটো পুৰণ কৰা হ”ব ৷ ইতিমধ্যে এই পদৰ বাবে দুগৰাকী বিষয়াৰ নামে চর্চা লাভ কৰিছে ৷ তেওঁলোক হৈছে সেনাবাহিনীৰ প্ৰধান জেনেৰেল মনোজ মুকুন্দ নাৰাৱানে আৰু বায়ুসেনাৰ প্ৰাক্তন মুৰব্বী আৰ কে এছ ভাদুৰিয়া ৷
নিয়ম অনুসৰি সশস্ত্ৰ বাহিনীৰ যিকোনো কামাণ্ডিং বিষয়া এই পদৰ বাবে যোগ্য ৷২০২০ বর্ষৰ জানুৱাৰীত জেনেৰেল ৰাৱাটে চীফ অৱ ডিফেন্স ষ্টাফৰ দায়িত্ব গ্ৰহণ কৰিছিল ৷ চীফ অৱ ডিফেন্স ষ্টাফৰ বাবে সর্বাধিক বয়স ৬৫ বছৰ নির্ধাৰণ কৰা হৈছে ৷