তিনি বিতর্কিত কৃষি আইন বাতিলকে ধৰি কেইবাটাও দাবীৰ সমর্থনত কৃষকসকলে আৰম্ভ কৰা আন্দোলন এবছৰৰ পাছত আজি অন্ত পৰে ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰতিবাদী কৃষকসকলৰ সকলো দাবী মানি লোৱাৰ পাছতে এই আন্দোলন সামাপ্ত কৰিবলৈ সিদ্ধান্ত গ্ৰহন কৰে ৷ এব্ছৰীয়া প্ৰতিবাদৰ সময়ত কৃষকসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰ, প্ৰতিবাদী কার্যসুচীৰ সময়ত মৃত্যু হোৱা কৃ্ষকসকলৰ পৰিয়ালক আর্থিক সাহায্য প্ৰদানকে ধৰি সকলো দাবী মানি লৈছে কেন্দ্ৰীয় চৰকাৰে ৷
প্ৰতিবাদী কৃষকসকলৰ উমহতীয়া সংগঠন সংযুক্ত কিষান মর্চাই কালি প্ৰকাশ কৰিছিল যে তেওঁলোকৰ সকলো দাবী মানি লোৱা বুলি চৰকাৰৰ পৰা লিখিত প্ৰতিশ্ৰুতি লাভ কৰিলেহে তেওঁলোকে প্ৰতিবাদী কার্যসূচী অন্ত পৰা বুলি ঘোষনা কৰিব ৷ তিনি কৃষি আইন প্ৰণয়ন কৰাৰ কথা কেন্দ্ৰই ঘোষণা কৰাৰ পাচতে কৃষকসকলে প্ৰতিবাদ আৰম্ভ কৰিছিল ৷ ২০২০ চনৰ ২৬ নবেম্বৰৰ পৰা দিল্লী সীমান্তত কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল ৷