কামৰূপ মহানগৰ জিলাৰ বিভিন্ন পথত চলাচল কৰা চিটি বাছৰ নিৰিখ প্রকাশ পৰিবহন বিভাগৰ।
নিৰ্ধাৰিত ভাড়াতকৈ অধিক যাত্ৰী পৰা সংগ্ৰহ কৰিলে দিব পাৰিব অভিযোগ।
কামৰূপ(ম) যানবাহন আৰক্ষীৰ ওপৰতো যাত্ৰীয়ে দিব অভিযোগ দিব পাৰিব।বৃহস্পতিবাৰে যাত্ৰী সুবিধা হোৱাকৈ অভিযোগ দিয়াৰ বাবে মুকলি হোৱাটছ এ’প নম্বৰ। ৬৯০১২-৬৯০০৬,৬০২৬১-৭৬৭৫৫ এই দুটা নম্বৰত অধিক ভাড়া সমগ্ৰ কৰা চিটিবাছ বিৰুদ্ধে অভিযোগ দিব পাৰিব।
ইয়াৰ উপৰিও পৰিবহণ বিভাগক ৯৫৩১১০৭৪৮২ নম্বৰত প্ৰত্যক্ষ যোগাযোগ কৰিব পাৰিব যাত্ৰীয়ে।
উল্লেখ্য কামৰূপ(ম) জিলাত চিটি বাছে নিজৰ খেয়াল খুচি অনুসৰি যাত্ৰী পৰা ভাড়া সমগ্ৰ কৰা বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে।চিটিবাছত উঠি যাত্ৰী যাতে বিপদত পৰিব নালাগে তাৰ বাবে জিলা প্ৰশাসনৰ নির্দেশত জিলা পৰিবহণ বিভাগে প্ৰকাশ কৰিছে নিৰ্ধাৰিত নিৰিখ তালিকা।