এগৰাকী সেনাৰ পত্নী হোৱা সহজ কথা নহয় সেই কথা প্ৰমাণ কৰিলে ব্ৰিগেডিয়াৰ এল এছ লিদাৰৰ পত্নীয়ে ৷দেশৰ বাবে প্ৰাণ ত্যাগ কৰা স্বামীৰ অকাল বিয়োগত ব্ৰিগেডিয়াৰ এল এছ লিদাৰৰ পত্নী গীতিকা লিদাৰে নিজৰ সকলো দুখ লুকুৱাই ৰাখি ক’লে-‘আমি তেওঁক হাঁহি হাঁহি বিদায় জনোৱা উচিত ,জীৱনটো বৰ দীঘলীয়া ,যদি ভগৱানৰেই এই সিদ্ধান্ত তেন্তে আমি তাকে লৈ জীয়াই থাকিব লাগিব ৷
দেশৰ প্ৰতি অত্যন্ত ভালপোৱা আৰু দেশৰ হঁকে যুজিব পৰা সাহস থাকিলেহে এগৰাকী পত্নী হিচাপেও স্বামীক সহযোগ কৰি দেশ সেৱা কৰিব পাৰি এই কথা প্ৰমাণ কৰিলে ব্ৰিগেডিয়াৰ পত্নী গীতিকা লিদাৰে ৷ আনহাতে সমগ্ৰ ভাৰতবাসীক কন্দুৱাই তামিলনাডুৰ কুন্নুৰৰ হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হোৱা প্ৰতিগৰাকী সেনা বিষয়াৰ পত্নী দেশপ্ৰেম আৰু সাহসিকতাৰেই এক জীৱন্ত উদাহৰণ৷