বিবাহপাশত আৱদ্ধ হ’ল আৰ জে ডিৰ নেতা তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ য়াদৱৰ পুত্ৰ তেজস্বী যাদৱ ৷ পৰিয়ালৰ সীমিত সংখ্যক লোকৰ উপস্থিতিত এক আড়ম্বৰহীন অনু্ষ্ঠানত বিবাহ সম্পন্ন হয় তেজস্বী যাদৱৰ ৷ স্কুলৰ সহপাঠী হাৰিয়ানাৰ নিৱাসী ৰাচেল গ’দিনহ’ৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় তেজস্বী ৷ পৰিয়ালৰ লোকসকলৰ বাহিৰে এই অনুষ্ঠানত কেবল উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱ আৰু তেওঁৰ পত্নী ডিম্পল যাদৱহে উপস্থিত আছিল ৷ আৰ জে ডিৰ নেতাসকলৰ ভিতৰত কেবল সাংসদ প্ৰেম গুপ্তাকহে দেখা গৈছিল ৷
তেজস্বীৰ সৈতে বিবাহত বহা ৰাচেল হৈছে খ্ৰীষ্টান পৰিয়ালৰ কন্যা ৷ হাৰিয়ানাৰ নিবাসী হ’লেও ৰাচেল সৰুৰে পৰাই দিল্লীত বাস কৰি আহিছে ৷ নতুন দিল্লীৰ আৰ কে পুৰমৰ ডি পি এচ স্কুলত একেলগে পঢ়িছিল তেজস্বী আৰু ৰাচেলে ৷ তেতিয়াৰ পৰাই দুয়োৰে মাজত আছিল মধুৰ সম্পর্ক ৷ অৱশ্যে দুয়োজনে তেওঁলোকৰ এই সম্পর্ক গোপনে ৰাখিছিল ৷ আনকি বিবাহলৈ আমন্ত্ৰন জনোৱা হোৱা নাছিল পৰিয়ালৰ আত্মীয়কো ৷ পাটনাত শীঘ্ৰে এক অভ্যর্থনা অনুষ্ঠান অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷