হেলিকপ্টাৰ দূর্ঘটনাত পতিত হৈ দেশৰ চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যু হোৱাৰ ঘটনাই সমগ্ৰ দেশবসীকে শোকাবিহ্বল কৰি তুলিছে ৷ তামিলনাডুৰ কুন্নুৰত সংঘটিত হোৱা দুর্ঘটনাৰ পাছত জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল জেনেৰেল বিপিন ৰাৱাটক ৷ দূর্ঘটনাস্থলীৰ পৰা হাস্পতাললৈ অনাৰ সময়তহে মৃত্যুক সাৱটি লৈছিল ৰাৱাটে ৷ এই কথা সদৰী কৰিছে উদ্ধাৰকাৰী এন চি মুৰলিয়ে ৷
সংবাদ মাধ্যমৰ আগত তেওঁ কয় ‘ আমি দুজন ব্যক্তিক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলো ৷ আমি যেতিয়া তেওঁলোকক লৈ গৈ আছিলো তেতিয়া জেনেৰেল ৰাৱাটে নিৰপত্তাৰক্ষীৰ লোকসকলক হিন্দীতে নিজৰ নামটো কৈছিল ৷ তেওঁক হাস্পতাললৈ নিয়াৰ পথত মৃত্যু ঘটে ৷ আমি জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা আনজন ব্যক্তিক চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাছিলো ৷’
অজি দিল্লীৰ ব্ৰাৰ স্কোৱাৰ শ্মশানত বিপিন ৰাৱাট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱাটৰ শেষকৃত্য সম্পন্ন কৰা হ’ব ৷ সম্পূর্ণ সামৰিক সন্মানেৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ , কংগ্ৰেছ নেতা ৰাহুল গান্ধীকে ধৰি বহুসংখ্যক নেতাই ৰাৱাটলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ ১৭ জাইঁ টোপধ্বনিৰে তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব ৷