এ চি চি ১৯ বছৰ অনুর্ধৰ এছিয়া কাপৰ বাবে ভাৰতীয় দল ঘোষণা কৰিছে অল ইণ্ডিয়া জুনিয়ৰ ছিলেকছন কমিটীয়ে ৷ সংযুক্ত আৰৱ ৰা্ষ্ট্ৰত অহা ২৩ ডিচেম্বৰৰ পৰা এক জানুৱাৰীলৈ অনুষ্ঠিত হ’ব এছিয়া কাপ ৷এই টুর্ণামেণ্টত ভাৰতীয় দলটোক নেতৃত্ব দিব য়শ ধুলে ৷যোৱা ২৮ ছেপ্টেম্বৰৰ পৰা ১৮ অক্টোবৰলৈ অনুষ্ঠিত হোৱা বিন্নু মানকাড় ট্ৰফীত সর্বাধিক ৰাণ কৰা খেলুৱৈসকলৰ ভিতৰত আছে ধুল ৷ পাচঁখন মেচত তেওঁ মুঠ ৩০২ ৰান কৰিবলৈ সক্ষম হৈছে ৷ মোহালিত অনুষ্ঠিত হোৱা মেচত ছট্টিচগড়ৰ বিৰুদ্ধে শতক অর্জন কৰিবলৈ কৰিবলৈ সক্ষম হৈছিল ৷ এই টুর্ণামেণ্টত সর্বধিক ৰাণ কৰা খেলুৱৈসকলৰ ভিতৰত পঞ্চম স্থানত অছিল ধুল ৷
একে সময়তে নির্বচকমণ্ডলীয়ে বেংগালুৰুৰ নেচনেল ক্ৰিকেট একাডেমীত ১১ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ‘বলগীয়া প্ৰিপাৰেটৰী কেম্পৰ বাবেও ২৫ জনীয়া তালিকা প্ৰকাশ কৰিছে ৷
১৯ বছৰৰ অনুর্ধৰ এছিয়া কাপৰ বাবে ভাৰতীয় দল
হাৰনুৰ সিং পান্নু, অংকুশ ৰঘুবংশী, অংচ গোচাই, এছ কে ৰছীদ, য়শ ধুল(অধিনায়ক), অন্নেশ্বৰ গৌতম, সিদ্ধার্থ য়াদৱ,কোশল তাম্বে, নিশান্ত সিন্ধু, দিনেশ বানা, আৰধ্য য়াদৱ, ৰাজাংগড় বাৱা, ৰাজবর্ধন হাংগাৰজেকাৰ, গর্ব ছাংৱান, ৰবি কুমাৰ, ৰিষিধ ৰেড্ডী, মানাব প্ৰকাশ, অমৃত ৰাজ উপাধ্যায়, বিকি অষ্টৱাল,বাসু ভেটছ