ভ্ৰুণ হত্যা ৰোধ আৰু দেশৰ সকলো কন্যা শিশুক শিক্ষিত কৰি তোলাৰ লক্ষ্যৰে কন্দ্ৰই গ্ৰহণ কৰা অভিলাষী আঁচনি বেটী পঢ়াঁও বেটী বচাঁও আঁচনিৰ অধিকাংশ ধন কেবল সংবাদমাধ্য়মৰ প্চাৰৰ নামতে ব্য়য় কৰা হৈছে ৷
সংসদীয় কমিটীৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই কথা ৷ কেন্দ্ৰীয় চৰকৰৰ ধ্বজাবাহী আঁচনি বেটী বচাঁও বেটী পঢ়াঁও আচনিৰ ৰূপায়নৰ বাবে ২০১৬-২০১৯ চনলৈ মুঠ ৪৪৬.৭২ কোটি টকা আৱণ্টন দিয়া হৈছিল ৷ ইয়াৰে ৭৯.৮১ শতাংশ পুঁজি কেবল সংবাদ মাধ্যমত আঁচনিখনৰ প্ৰচাৰৰ বাবে ব্যয় কৰা হৈছে ৷
বৃহস্পতিবাৰে সংসদত প্ৰতিবেদনখন দাখিল কৰা হৈছে ৷ প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে –‘ বেটী বচাঁও বেটী পঢ়াও আঁচনিৰ বিষয়ে ৰাইজক সজাগ কৰিবলৈ সংবাদ মাধ্যমত প্ৰচাৰৰ প্ৰয়োজনীয়তা আছে ৷ কিন্তু আঁচনিখনৰ উদ্দ্যেশৰ লগত ইয়াৰ ভাৰসাম্য ৰখাটো প্ৰয়োজনীয় ৷’