গুৱাহাটী প্ৰেছ ক্লাৱত শনিবাৰে উন্মোচন কৰা হয় দুখনকৈ গ্ৰন্থ। ৰেজাউল কৰিমৰ অনুবাদমূলক গ্ৰন্থ ‘বিদ্ৰোহী কবি কাজী নজৰুল ইছলাম:সৃষ্টি আৰু স্ৰষ্টা’ আৰু ডঃ শেখ মকবুল ইছলামৰ ‘ভূপেন হাজৰিকা: বিশ্ব সংস্কৃতিৰ কণ্ঠস্বৰ’ শীৰ্ষক গ্ৰন্থদুখন উন্মোচন কৰা হয়।গুৱাহাটীৰ প্ৰেছ ক্লাবত গাম্ভীৰ্যপূৰ্ণ এক উন্মোচনী অনুষ্ঠানত গ্ৰন্থদুখন উন্মোচন কৰে ক্ৰমে বিশিষ্ট গদ্য লেখক ময়ূৰ বৰা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ দিলীপ বৰাই।
গ্ৰন্থদুখন উন্মোচনী সভাত উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক আব্দুল মান্নান, নাট্যকাৰ ৰঞ্জিত সূত্ৰধৰ প্ৰমুখ্যে বহুসংখ্যক গণ্য-মান্য ব্যক্তি।
উল্লেখ্য যে গ্ৰন্থ উন্মোচনী সভাতে বিজুজ জাহান চালেহা বেগমে বিদ্রোহী কবি কাজী নজৰুল ইছলামৰ এটা কবিতা পাঠ কৰে।
ইফলে গ্ৰন্থদুখন উন্মোচন কৰি দুইয়ো গৰাকী লেখকক শুভেচ্ছা আৰু অভিনন্দন জনাই উন্মোচক দ্বয়ে।