ভাৰতত ক্ৰমান্বয়ে বৃদ্ধি পাইছে ক’ভিডৰ অ’মিক্ৰন ভেৰিয়েণ্টত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ দেশত এই ভেৰিয়েণ্টত আক্ৰান্ত লোকৰ সংখ্যা ৩৩ জনৰ পৰা ৩৮ জনলৈ বৃ্দ্ধি পাইছে ৷ দেওবাৰে মহাৰাষ্ট্ৰ, কেৰেলা, কর্ণাটক,অন্ধ্ৰপ্ৰদেশ আৰু চণ্ডিগড়ত এজনকৈ অ’মিক্ৰনত আক্ৰান্ত ৰোগীৰ সংখ্যা চিনাক্ত হোৱাৰ পাছত এই সংখ্যা বৃদ্ধি পায় ৷
মহাৰাষ্ট্ৰত এই ভেৰিয়েণ্টত সংক্ৰমিত ৰোগীৰ সংখ্যা ১৮ জনলৈ বৃদ্ধি পাইছে ৷ নাগপুৰত কালি চিনাক্ত হোৱা ব্যক্তিজনে কিছুদিন পূর্বে পশ্চিম আফ্ৰিকান দেশ বৰকিনা ফাছ’ ভ্ৰমণ কৰি আহিছিল ৷ এই ব্যক্তিজনৰ সংস্পর্শলৈ অহা ৩০ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছে , সকলোৰে ফলাফল নিগেটিভ আহিছে বুলি জানিব পৰা গৈছে ৷ আনহাতে , চণ্ডিগড়ত আক্ৰান্ত ২০ বছৰীয়া যুৱকজন ইটালীৰ পৰা ওভতি আহিছিল ৷ আনহাতে, কেৰেলাৰ প্ৰথমজন অ’মিক্ৰনত আক্ৰান্ত লোক এর্নাকুলামত চিনাক্ত হৈছে ৷ ৬ ডিচেম্বৰত তেওঁ পত্নীৰ সৈতে ডুবাইৰ পৰা ওভতি আহিছিল ৷