কোনো সংকটৰ বাবে বেংক বন্ধ হৈ গ’লেও এতিয়াৰ পৰা গ্ৰাহকসকলে লাভ কৰিব কিছু সকাহ ৷ বিত্তীয় সংকট অথবা আন কোনো কাৰণত বেংক বন্ধ হৈ গ’লে সংশ্লিষ্ট বেংকৰ গ্ৰাহকসকলে সর্বাধিক ৫ লাখ পর্যন্ত টকা নিশ্চিতভাৱে লাভ কৰিব ৷ এই কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ গ্ৰাহক প্ৰথম : ৫লাখ টকা পর্যন্ত সময় নিশ্চিত জমাধন নিশ্চিত বীমা শীর্ষক এক কার্যসূচীত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পূর্বে বেংক জমাৰ মাত্ৰ ১ লাখ টকা পর্যন্ত বীমাকৃত হৈ আছিল ৷ বর্তমান এই বীমাকৃত ধনৰ পৰিমান ৫ লাখ টকা পর্যন্ত বৃদ্ধি কৰা হৈছে ৷ পূর্বে বীমাকৃত ধনৰাশি কেতিয়া গ্ৰাহকসকলে ওভতাই পাব তাৰ কোনো সময় নির্ধাৰিত হৈ থকা নাছিল ৷ কিন্তু বর্তমান চৰকাৰে এই ধন ওভতাই দিয়াৰ বাবে সময় নির্ধাৰন কৰি দিছে ৷ যদিহে কোনো বেংক বন্ধ হৈ যায় তেনেহ’লে ৯০ দিনৰ ভিতৰত বীমাকৃত ধন ওভতাই পাব গ্ৰাহকসকলে ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় ‘ যদিহে আমি বেংকসমূহ সুৰক্ষিত কৰিব বিছাৰো, তেনেহলে গ্ৰাহকৰ ধন সুৰক্ষিত হ’ব লাগিব ৷’ জমা ধনৰ বীমা ব্যৱস্থাই দেশৰ সকলো বাণিজ্যিক বেংকৰ ছেভিংছ একাউণ্ট , ফিক্সড, কাৰেণ্ট, ৰেকাৰিং ডিপ’জিত আদি সামৰি লৈছে ৷