বৰফৰ শুভ্ৰ আচ্ছাদনেৰে ৰূপৰ ৰাণী হৈ পৰিছে লাডাখ আৰু কাশ্মীৰ ৷ তাপমাত্ৰা নিম্নগামী হোৱাৰ লগে লগে বৰফেৰে আবৃত হৈ পৰিছে দুয়োখন ৰাজ্য ৷ হিমবাহৰ ফলত ৰাজ্যদুখনৰ সেউজীয়া পাহাৰ , ৰাস্তা-ঘাট আদি সকলো ঢাক খাই পৰিছে বৰফেৰে ৷ মনোমোহা হৈ পৰিছে কাশ্মীৰ আৰু লাডাখৰ পৰিৱেশ ৷ যেনিয়ে চায় তেনিয়ে কেবল বৰফ আৰু বৰফ ৷ ৰাজ্যদুখনৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ হ্ৰাস পাইছে তাপমাত্ৰাও ৷ দেওবাৰে কাশ্মীৰ আৰু লাডাখৰ তাপমাত্ৰা মাইনাছ ৩ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাইছে ৷ কাশ্মীৰৰ কাজিগাণ্ড চহৰত তাপমাত্ৰা মাইনাছ ৩ ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাইছে ৷
দক্ষিণ কাশ্মীৰৰ বিখ্যাত ৰিজর্ট পাহালগামত তাপমাত্ৰা হৈছে মাইনাছ ৫.৪ ডিগ্ৰী চেলচিয়াছ ৷ আগদিনা এই স্থানৰ তাপমাত্ৰা আছিল মাইনাছ ৬.৪ ডিগ্ৰী চেলচিয়াছ ৷ কাশ্মীৰৰ আন আন চহৰ যেনে গুলমার্গ,কুপৱাৰা, ককেৰনাগ আদিতো নিম্নগামী হৈছে পাৰাস্তম্ভ ৷ অৱশ্যে বৰফ অধিক হোৱাৰ লগে লগে কাশ্মীৰ আৰু লাডাখলৈ পর্যটকৰ আগমনো অধিক ঘটা পৰিলক্ষিত হৈছে ৷