গুৱাহাটী মহানগৰীৰ হাতীগাঁৱত ৯ডিচেম্বৰ তাৰিখে ‘আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সুৰক্ষা পৰিষদৰ’ উদ্যোগত উদযাপিত হয় ‘আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস’৷অনুষ্ঠানটিত আৰ্তসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে কামৰূপ (মেট্ৰ’)ৰ মানৱ অধিকাৰ কৰ্মী সকলে৷‘আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সুৰক্ষা পৰিষদ’ৰ কাৰ্য্যবাহী সদস্যা চাহেবা আহমেদৰ নেতৃত্বত অনুষ্ঠানটো অনু্ষ্ঠিত কৰি পৰিষদৰ কামৰূপ (মেট্ৰ’)ৰ সক্ৰিয় মানৱ অধিকাৰ কৰ্মী দীপা বৰা দত্তই কয় যে, ‘বিপদৰ সময়ত আৰ্তজনৰ ওচৰত থিয় হৈ তেওঁলোকক সহায় কৰাৰ লগতে অসহায় নাৰী সকলক সহায়ৰ হাত আগবঢ়াই স্ব-নিৰ্ভৰশীল হ’বলৈ শিকোৱা আৰু অন্যায়ৰ বিৰুদ্ধে মাত মাতি সমাজক সুস্থ সবল কৰি ৰখাই তেওঁলোকৰ মূল উদ্দেশ্য৷ তেওঁ লগতে জানিবলৈ দিয়ে যে ইতিমধ্যে গুৱাহাটীৰ দুগৰাকী মানৱ দৰদী ব্যক্তি জিন্নতাৰা চুলতানা আৰু চিৰাজ শইকীয়াই ব্যক্তিগত ভাৱে মানৱ অধিকাৰ সুৰক্ষা পৰিষদৰ স্থায়ী কাৰ্যালয়ৰ বাবে এটুকুৰা মাটি দান কৰিছে আৰু এইছেগতে দুয়োগৰাকী ব্যক্তিকে তেওঁ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে৷
আনহাতে ‘আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সুৰক্ষা পৰিষদ’ৰ কাৰ্য্যবাহী সদস্যা চাহেবা আহমেদৰ নেতৃত্বত সইদিনাই তেওঁলোকে এক সবল দল গঠন কৰাৰ লগতে ইয়াৰ যোগেদি তেওঁলোকে মানৱ অধিকাৰ সুৰক্ষাৰ বাবে সদায় কাম কৰি যাব আৰু এখন অন্যায় মুক্ত সমাজ গঢ়িবলৈ আৰু এখোজ অগ্ৰসৰ হ’ব বুলি জানিবলৈ দিয়ে৷