আজি গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতৰ ছাত্ৰ ফেডাৰেচন চমুকৈ এছ এফ আইৰ প্ৰতিবাদ বিক্ষোভ। ৭ দফীয়া দাবীৰে সাব্যস্ত এই প্ৰতিবাদ।এছ এফ আই ৰ প্ৰায় শতাধিক ছাত্র-ছাত্ৰী, কৰ্মীয়ে অংশগ্ৰহণ কৰে প্ৰতিবাদত ।
প্ৰতিবাদী এছ এফ আই ৰ দাবী হৈছে সকলো পৰীক্ষাৰ ফলাফল ঘোষণা কৰা লগতে আগন্তুক দিনত হব লগা পৰীক্ষা অনুষ্ঠিত হোৱা ৪৫ দিনৰ ভিতৰত শুদ্ধকৈ সকলো পৰীক্ষাৰ ফলাফল ঘোষণাৰ ব্যবস্থা কৰা।
ইয়াৰ উপৰিও বেক পৰীক্ষাৰ ফলাফল শীঘ্ৰে ঘোষণা কৰাৰ লগতে ফলাফলত absent আৰু withhled বিসংগতি দূৰ কৰা।
পুনৰীক্ষণ আৰু পুনঃমূল্যাংকণ প্ৰক্ৰিয়া খৰতকীয়াকৈ সম্পন্ন কৰা।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৱেবচাইট পৰ্টেল আৰু হেল্প লাইন উন্নত কৰা ।
এইসমূহৰ উপৰিও নিম্ন আয় থকা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ বেক নামভৰ্তি বিনামূলীয়া কৰাৰো দাবী জনায় এফ এফ আই কর্মীসকলে।