আজি সদৌ অসম মহাবিদ্যালয় ঠিকা ভিত্তিক শিক্ষক সন্থাৰ গুৰুত্বপূৰ্ণ সংবাদমেল অনুস্থিত হয়। চাকৰি সু-নিশ্চয়তা তথা স্থায়ী সংস্থাপন প্ৰদান কৰাৰ দাবীৰে মুখ্যমন্ত্ৰী-শিক্ষামন্ত্ৰীলৈ কাতৰ আহ্বান ঠিকাভিত্তিক প্ৰৱক্তাসকলৰ।
উল্লেখ্য প্ৰাদেশীকৃত মহাবিদ্যালয় সমূহত অন্য স্থায়ী প্ৰৱক্তাসকলৰ দৰে প্ৰায়সমূহ কৰ্ম ৰূপায়ন কৰি আহিছে প্ৰবক্তাসকলে।কিন্তু কৰ্ম অনুসৰি তেওঁলোকে নাপাই মজুৰি ।৫বছৰো অধিকসময় ঠিকাভিত্তিত প্ৰৱক্তা হিচাপে কৰ্ম সম্পাদন কৰি থকা ৰাজ্যত প্ৰায় ১৩০ গৰাকীৰ প্ৰৱক্তা থকা বুলিও তেওঁলোকে জানিবলৈ দিয়ে।
দিছপুৰ প্ৰেছ ক্লাবত প্ৰবক্তাসকলে প্ৰকাশ কৰা অনুসৰি- তেওঁলোক বৰ্তমানৰ ছাত্ৰ ছাত্ৰীৰ সৈতে পৰীক্ষাত লাভ কৰা নম্বৰৰ ফালৰ পৰা প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে সক্ষম নহয়।প্ৰৱক্তাৰ বাবে যোগ্যতাৰ ফালৰ পৰা সকলো আছে।কিন্তু বৰ্তমান নম্বৰৰ সৈতে আমাৰ নম্বৰ নিমিলে।তাৰ বাবে যিসকলে দীৰ্ঘদিন ধৰি ঠিকা ভিত্তিক প্ৰবক্তাৰূপে দায়িত্ব পালন কৰি আহিছে তেওঁলোকৰ যোগ্যতা ভিত্তিত স্থায়ী নিযুক্তি প্ৰদান কৰক।
উল্লেখ্য যে প্ৰতিখন মহাবিদ্যালয়ত ঠিকাভিত্তিক প্ৰবক্তাৰ মজুৰি বেলেগ বেলেগ।মজুৰিৰ পৰিমাণ ২ হাজাৰৰ পৰা প্ৰায় ৮ হাজাৰ টকাৰ দৰমহা লৈ তেওঁলোক নিয়োজিত থকাৰ কথা সংবাদমেলত কয়।
যিসময়ত সমগ্ৰ দেশত ডিজিটেল ইণ্ডিয়া সৰৱ চৰ্চা হৈ আছে তেনে সময়ত ৰাজ্যৰ উচ্চ শিক্ষা ব্যৱস্থাত অৰ্থাৎ মহাবিদ্যালয়ত কম্পিউটাৰ চাইয়েন্সৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ত স্থায়ী প্ৰবক্তা পদ নাই। ঠিকাভিত্তিক প্ৰৱক্তাই কম্পিউটাৰ ছাইয়েন্সৰ জ্ঞান প্ৰদান কৰিছে ছাত্ৰ-ছাত্ৰীক।
ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বিনামূলীয়া হোৱাৰ পৰা ঠিকাভিত্তিক প্ৰৱক্তাসকলৰ মজুৰী লাভ কৰাত সমস্যাৰ সৃষ্টি হোৱা বুলি কয়।
সোমবাৰৰ সংবাদমেলত উপস্থিত থাকে সন্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ শৰ্মা, সভাপতি ডঃ নয়নজ্যোতি দাস প্ৰমুখ্যে বহুকেইজন সন্থাৰ সদস্য।