ক’ভিডৰ অ’মিক্ৰন ভেৰিয়েণ্টত আক্ৰান্ত হৈ প্ৰথমজন ৰোগীৰ ব্ৰিটেইনত মৃত্যু ঘটিছে ৷ ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিচ জনচনে অ’মিক্ৰনত আক্ৰান্ত ৰোগীৰ মৃত্যুৰ তথ্য ৰাজহুৱা কৰিছে ৷ তদুপৰি তেওঁ এই ভেৰিয়েণ্টত আক্ৰান্ত আন ১০ জন লোক চিকিৎসাধীন হৈ আছে বুলিও তেওঁ প্ৰকাশ কৰে ৷ এই ভেৰিয়েণ্টত আক্ৰান্ত হৈ চিকিৎসাধীন আৰু মৃত্যু হোৱা বিষয়টো যথেষ্ট চিন্তাজনক ৷
ইফালে, অ’মিক্ৰনৰ আতংকৰ মাজতে ব্ৰিটেইনত মুকলি কৰা হৈছে ক’ভিডৰ বুষ্টাৰ ড’জ ৷ ১৮ বছৰৰ উর্ধৰ সকলোকে প্ৰদান কৰা হ’ব বুষ্টাৰ ড’জ ৷ব্ৰিটেইনৰ লোকসকলে বুষ্টাৰ ড’জ ল’বৰ বাবে বুকিং কৰিবলৈ কৰা খৰখেদাৰ বাবে কালি কিছুসময়ৰ বাবে স্তব্ধ হৈ পৰে নেচনেল হেল্থ ছার্ভিচৰ ৱেবচাইট ৷
আনহাতে, ভাৰতত বৃদ্ধি পাইছে ক’ভিডৰ অ’মিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমন ৷ এই ভেৰিয়েন্টত আক্ৰান্ত লোকৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি পাইছে