কৰ’না ভাইৰাচে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ শিক্ষা ব্যৱস্থাত ডিজেটেল পাঠদানৰ ব্যৱস্থাক অধিক জনপ্রিয় কৰি তোলাৰ সময়তে এস্কোচিয়াৰ প্ৰাইভেট লিমিটেডৰ গুৰুত্বপূৰ্ণ পদক্ষেপ। ‘জ্ঞানস্ৰোত’ নামেৰে এক ই লাৰ্নিং ব্যৱস্থা প্ৰস্তুত কৰি উলিয়াইছে ৰাজ্যৰ প্ৰতিষ্ঠানটোৱে। ছেবা,চি বি এ চি মাধ্যমৰ ছাত্ৰ-ছাত্ৰী উপকৃত হোৱাকৈ প্ৰস্তুত কৰা হৈছে ই-লাৰ্নিং ব্যৱস্থা। ‘জ্ঞানস্ৰোত’ত ছেৱাৰ নৱম- দশম শ্রেণীৰ সম্পূৰ্ণ পাঠ্যক্ৰম অসমীয়া, ইংৰাজী, বড়ো ভাষাত উপলব্ধ হ’ব।
উল্লেখ্য যে চলিত বৰ্ষৰ ছেপ্টেম্বৰত প্ৰস্তুত কৰা বিশেষ ই-লাৰ্নিং মঞ্চত ইতিমধ্যে হিন্দী, বঙালী, মাৰাঠী, গুজৰাটীকে ধৰি মুঠ ৬টা ভাষা উপলব্ধ হৈ আছে।মঙলবাৰৰ পৰা ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী উপকৃত হোৱাকৈ মুকলি কৰা হয় অসমীয়া, ইংৰাজী আৰু বড়ো ভাষাত ছেৱা-চি বি এছ চি নৱম-দশম শ্রেণীৰ পূৰ্ণ পাঠ্যক্ৰম।গুৱাহাটীৰ প্ৰেছ ক্লাৱত স্বত্বাধিকাৰ মন্দিপ শৰ্মাই জানিবলৈ দিয়ে এই কথা।
গুৰুত্বপূৰ্ণ যে ইন্টাৰনেটৰ অসুবিধা বা অন্য অসুবিধাৰ যাতে সৃষ্টি নহয় তাৰ বাবে চিন্তা কৰি এই ই-লাৰ্নিং ব্যৱস্থা প্ৰস্তুত কৰা বুলিও লগতে তেওঁ কয়। পেন ড্ৰাইভত শিক্ষাৰ্থীয়ে সম্পূৰ্ণ পাঠ্যক্ৰম।৪৯৯৯ টকাত প্ৰতি শ্রেণীৰ সম্পূৰ্ণ পাঠ্যক্ৰম উপলব্ধ হ’ব।গুৱাহাটী প্ৰেছ ক্লাবৰ সহযোগত আজি ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ই-লাৰ্নিং বিক্ৰী প্ৰক্ৰিয়াৰ শুভাৰম্ভণি কৰে।সাংবাদিক-সংবাদকর্মী,ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ ই-লাৰ্নিং যোগান ধৰিব কোম্পানীটোৱে।
স্বত্বাধিকাৰী গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি বিষয় ভিত্তিক পাঠ্যক্ৰমৰ উপৰিও ৯০০০শব্দৰে এখন অভিধানো লাভ কৰিব ছাত্ৰ-ছাত্ৰী সকলে।