অ’মিক্ৰনৰ দ্ৰুত সংক্ৰমনক লৈ সমগ্ৰ বিশ্ববাসীকে সতর্ক কৰি দিছে বিশ্ব স্বাস্থ্য সংস্থা(হু)ই ৷ সংবাদমাধ্যমক সম্বোধন কৰি সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰছ এ ঘেব্ৰেয়েছাছে কয় যে অ’মিক্ৰনৰ দৰে পূর্বে ক’ভিডৰ কোনো ভেৰিয়েণ্ট ইমান দ্ৰুত গতিত সম্প্ৰসাৰন হোৱা বিশ্ববাসীয়ে পৰিলক্ষিত কৰা নাছিল ৷ তেওঁ প্ৰকাশ কৰা অনুসৰি বর্তমান ৭৭খন দেশলৈ বিয়পি পৰিছে অ’মিক্ৰনৰ সংক্ৰমন ৷তেওঁ কয় “ প্ৰকৃততে বিশ্বৰ অধিকাংশ দেশতে সম্ভৱতঃ অ’মিক্ৰন আছে ৷ যদিও এতিয়ালৈ বহু দেশত অ’মিক্ৰন ভেৰিয়েণ্ট চিনাক্ত হোৱা নাই ৷ অ’মিক্ৰনে ৰোগীক অত্যাধিক ক্ষতি কৰা নাই যদিও ইয়াৰ সংক্ৰমনৰ সংখ্যাই পুনৰ অপ্ৰস্তুত স্বাস্থ্য ব্যৱস্থাক অসাৰ কৰি তুলিব পাৰে ৷ “
একে সময়তে ভেকচিনৰ নাটনিক লৈ শংকা প্ৰকাশ কৰি বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধানজনে কয় যে বিভিন্ন দেশৰ মাজত ভেকচিন প্ৰদানৰ হাৰৰ মাজত আছে বৃহৎ ব্যৱধান ৷ ৪১ খন দেশে এতিয়াও তেওঁলোকৰ জনসংখ্যাৰ ১০ শতাংশ লোককো ভেকচিন প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই ৷ ৯৮ খন দেশে ৪০ শতাংশ লোকক ভেকচিন প্ৰদান কৰিবলৈ সক্ষম হোৱা নাই ৷ তেওঁ কয় “ একেখন দেশতে বিভিন্ন বয়সৰ ব্যক্তিৰ মাজত ভেকচিন প্ৰদানত তাৎপর্যপূর্ণ প্ৰভেদ পৰিলক্ষিত হৈছে ৷ আমি এই প্ৰভেদ দূৰ কৰিবলৈ সক্ষম হ’লেহে মহামাৰীও শেষ হ’ব ৷ আমি যিমান দিন এই প্ৰভেদ অব্যাহত ৰাখিম সিমান দিনলৈ জীয়াই থাকিব মহামাৰী ৷ ‘