তিনিদিনীয়া ভ্ৰমনসূচীৰে আজি বাংলাদেশলৈ ৰাওনা হৈছে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ ৷ বাংলাদেশৰ ৰাজধানী ঢাকাত অনুষ্ঠিত হ’বলগীয়া ৫০ সংখ্যক বিজয় দিৱসত অংশ লোৱাৰ উদ্দ্যেশেৰে ৰাষ্ট্ৰপতি গৰাকী দেশখনত উপস্থিত হৈছে ৷ বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদৰ আমন্ত্ৰনমর্মে এই কার্যসূচীত সন্মানীয় অতিথি হিচাপে ভাৰতক প্ৰতিনিধিত্ব কৰিব ৰামনাথ কোৱিন্দে ৷ ক’ভিড মহামাৰীৰ পাছত এয়া হৈছে ৰাষ্ট্ৰপতি কোৱিন্দৰ প্ৰথম বিদেশ ভ্ৰমণ ৷
এই ভ্ৰমন সন্দর্ভত বৈদেশিক সচিব হর্ষবর্ধন সিঙে কয় ‘ সন্মানীয় অতিথি হিচাপে বিজয় উৎসৱলৈ ৰাষ্ট্ৰপতিক আমন্ত্ৰন জনোৱা হৈছে আৰু তেওঁৱেই এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলগীয়া একমাত্ৰ বিদেশী অতিথি ৷ মহামাৰীৰ পাছত ৰাষ্ট্ৰপতিগৰাকীৰ এই বিদেশ ভ্ৰমণ যথেষ্ট তাৎপর্যপূর্ণ ৷’ বাংলাদেশৰ ৰাষ্ট্ৰপতিৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ লগতে দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাইয়ো সাক্ষাৎ কৰিব কোৱিন্দক ৷