গোলাঘাটৰ ঐতিস্য বহন কৰা নুমলীগড় দেওপাহাৰ অসমৰ অন্যতম এটা ইতিহাস প্ৰসিদ্ধ পাহাৰ। ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত অৱস্থিত এই পাহাৰ দেওপানী সংৰক্ষিত বনাঞ্চলৰ এটা অংশ । ১৩৩.৪৫ হেক্টৰ মাটিৰ কালি আৱৰি থকা এই অঞ্চলটো পূৰাতাত্বিক এটা স্থান। ভগ্নাৱশেষেৰে ভৰপূৰ এই পাহাৰত মহাভাৰতৰ যুগৰ পৰাই আছে শৈল্য মন্দিৰ।
১৯৯৯ চনতে প্ৰস্তাৱিত বনাঞ্চলৰ মৰ্যাদা লাভ কৰা দেওপাহাৰ বনাঞ্চলক আজি পৰ্যন্ত সংৰক্ষিত বনাঞ্চলৰূপে ঘোষণা নকৰিলে । সেই লৈ এতিয়া সৰৱ চৰ্চা হৈছে গোলাঘাটৰ সচেতন মহলত।বিশেষকৈ গোলাঘাট তথা অসমৰ বিশিষ্ট পৰিবেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে বিভিন্ন সময়ত লোৱা পদক্ষেপৰ ফলশ্ৰুতিত সেই সময়ত বনাঞ্চলখনে প্ৰস্তাৱিত বনাঞ্চলৰূপে মৰ্যাদা লাভ কৰিছিল।
যদিও দুৰ্ভাগ্যজনক ভাৱে ২২ বছৰ অতিক্ৰম কৰাৰ পাছতো প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চল দেওপাহাৰে সংৰক্ষিত বনাঞ্চলৰ মৰ্যাদা লাভৰ গেজেট নটিফিকেশ্যন লাভ কৰা নায়।
২২ টা বছৰে এই ঐতিহাসিক পাহাৰটোৱে এই বিশেষ মৰ্যাদা নোপোৱাত পুনৰ সৰৱ হৈ উঠিছে পৰিবেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামী । সেইয়ে সোমবাৰে গোস্বামীয়ে গোলাঘাটৰ জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাক লগ কৰি এই সন্দৰ্ভত এখন স্মাৰক পত্ৰৰ জৰিয়তে ঐতিহাসিক দেওপাহাৰক সংৰক্ষিত বনাঞ্চলৰ মৰ্যাদা প্ৰদানৰ দাবী তোলে।