অন্ধ্ৰ প্ৰদেশৰ জাংগাৰেদ্দীগুডেম মণ্ডলৰ জিল্লেৰুভাগু নামৰ ঠাইত সংঘটিত হৈছে এক শোকাবহ বাছ দুৰ্ঘটনা ৷ অশ্বৰাওপেটৰ পৰা জাংগাৰেদ্দীগুডেমলৈ ৪৭ গৰাকী যাত্ৰী কঢ়িয়াই আহি থকা বাছ খন যাত্ৰীসহ পশ্চিম গোদাৱৰী নদীত দুৰ্ঘটনাত পতিত হয় ৷ এতিয়ালৈকে জানিব পৰা মতে শোকাবহ বাছ দুৰ্ঘটনাটোত ৯গৰাকী যাত্ৰীৰ থিতাতে মৃত্যু হৈছে আৰু বাকী ২১ গৰাকী আঘাতপ্ৰাপ্ত যাত্ৰীক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷
শোকাবহ দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চলটোক শোকস্তব্ধ কৰাৰ লগতে জীৱিত সকলৰ আশু আৰোগ্য কামনা কৰিছে স্থানীয় ৰাইজ ৷