বিশ্বৰ আচৰিত বস্তু সমূহে মানুহক অতীজৰে পৰা আলোড়িত কৰি আহিছে। মানুহে নিৰ্মাণ কৰা সাতটা পুৰণি আচৰিত বস্তু হ’ল–
১) ইজিপ্তৰ পিৰামিড :– কাইৰোৰ ওচৰৰ গিৰ্জাত থকা খুফু , খাফৰা আৰু মেনক’ৰা নামৰ তিনি ধৰণৰ পিৰামিড আজিও বিশ্বৰ প্ৰথমটো আচৰিত বস্তু হিচাপে পৰিগণিত হৈ আছে। আটাইতকৈ পুৰণি পিৰামিডটো খ্ৰীঃ পূৰ্ব ২৭০০ বছৰৰ পুৰণি বুলি অনুমান কৰা হৈছে।
২) বেবিলনৰ ওলমা উদ্যান :– বাগদাদ নগৰৰ পৰা ৯৬ কিঃ মিঃ দক্ষিণে নেবুচাদনেজাৰ নামৰ অঞ্চলত , মাটিৰ পৰা প্ৰায় ২৩-৯১ মিটাৰ উচ্চতা পৰ্যন্ত এই উদ্যান খন ওলমি আছে। খ্ৰীঃপূঃ ৬০০ বছৰ পূৰ্বে উদ্যান খন নিৰ্মাণ কৰা হৈছিল। নামৰ অঞ্চলত , মাটিৰ পৰা প্ৰায় ২৩-৯১ মিটাৰ উচ্চতা পৰ্যন্ত এই উদ্যান খন ওলমি আছে। খ্ৰীঃপূঃ ৬০০ বছৰ পূৰ্বে উদ্যান খন নিৰ্মাণ কৰা হৈছিল।
৩) মচুলাচৰ মৈদাম :– এছিয়াৰ হালিকাৰনেছাত খ্ৰীঃপূঃ ৩৫০ বছৰ পূৰ্বে ৰাণী আৰ্টেমিছিয়াই তেওঁৰ স্বামী মচুলাচৰ স্মৃতিত এই মৈদামটো নিৰ্মাণ কৰিছিল।
৪) ডায়েনাৰ মন্দিৰ :– ১৮ মিটাৰ উচ্চতাৰ এই মন্দিৰটো গ্ৰীক দেৱী ডায়েনাৰ সন্মানাৰ্থে খ্ৰীঃপূঃ ৩৫০ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল। ২৬২ খ্ৰীষ্টাব্দত মন্দিৰটো ধ্বংস হয়।
৫) ৰোডছৰ ক’ল’ছাছ :– খ্ৰীঃপূঃ ২৮০ চনত দেৱতা এপ’ল’ৰ এই বঞ্জৰ মূৰ্তিটো নিৰ্মাণ কৰা হয়। কথিত আছে যে , ৰোডছ নগৰৰ বন্দৰৰ মূল প্ৰৱেশ দ্বাৰত থকা এই মূৰ্তিৰ তলেৰে জাহাজৰ চলাচল হৈছিল। খ্ৰীঃপূঃ ২২৪ চনত ভূমিকম্পৰ ফলত এই মূৰ্তিটো ধংস হয়।
৬) জুপিটাৰৰ মূৰ্তি :– খ্ৰীঃপূঃ ৪৩০ বছৰ পূৰ্বে ফিডিয়াছ নামৰ এজন ভাস্কৰে মাৰ্বল আৰু সোণেৰে জুপিটাৰৰ এই মূৰ্তিটো অলিম্পিয়াত নিৰ্মাণ কৰিছিল।
৭) আলেকজেণ্ড্ৰিয়াৰ আলোকস্তম্ভ :— আলেকজেণ্ড্ৰিয়াৰ ফেৰছ নামৰ দ্বীপটোত থকা এই আলোকস্তম্ভটো খ্ৰীঃপূঃ তৃতীয় শতিকাত নিৰ্মাণ কৰা হৈছিল। প্ৰবল ভূমিকম্পৰ ফলত এই আলোকস্তম্ভটো ১৩ শতিকাত ধ্বংস হয়।