শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৱাহাটী মহানগৰী জিলা শাখা ৪৪ সংখ্যক বাৰ্ষিক অধিৱেশনখন, শিশু আৰু আই মাতৃ কল্যাণ শাখা সমিতিৰ ৰূপালী জয়ন্তী মহোৎসৱ ৮, ৯ আৰু ১০ জানুৱাৰীত অনুষ্ঠিত হ’ব।বৃহস্পতিবাৰে লাইখুটা স্থাপন কৰা হয় অধিৱেশনৰ।লাইখুটা স্থাপন কৰে গুৱাহাটী মহানগৰী জিলা শাখাৰ হৈ সভাপতি হিৰেন্দ্ৰ কুমাৰ ডেকা, আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি জয়ন্ত দাস, সাধাৰণ সম্পাদক মোহন বৈশ্যই।
তাল, খোলৰে লাইখুটাৰ মাংগলিক কাৰ্য সমাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে নাম প্ৰসংগ পৰিবেশন কৰা হয়।তাৰপাছত মুকলি সভা অনুষ্ঠিত হয়।উল্লেখ্য যে বোন্দা আঞ্চলিক জনজাতি ক্ৰীড়া আৰু সাংস্কৃতিক কেন্দ্ৰৰ খেলপথাৰৰ ‘শ্ৰীৰাম আতা সমন্বয় ক্ষেত্ৰত’ সম্পূৰ্ণ ক’ভিড বিধি মানি অনুষ্ঠিত হ’ব লগীয়া সমাৰোহত ভকত বৈষ্ণৱ, জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৰে উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে গুৱাহাটী মহানগৰী জিলা শাখাৰ হৈ সভাপতি হিৰেন্দ্ৰ কুমাৰ ডেকা আৰু সম্পাদক উৎপল কুমাৰ কলিতাই।