গুৱাহাটী মহানগৰীৰ শিক্ষানুষ্ঠানত কৰ’না গণ সংক্ৰমণ।ইখনৰ পিছত সিখন শিক্ষানুষ্ঠানত ধৰা পৰিছে কৰ’না আক্রান্ত ছাত্ৰ-ছাত্ৰী তথা শিক্ষক কৰ্মচাৰী।গুৱাহাটী বিশ্ব বিদ্যালয়, বি.বৰুৱা মহাবিদ্যালয় আৰু বুধবাৰে পুনৰ দিছপুৰ মহাবিদ্যালয়ত ধৰা পৰিছে ক’ৰনা আক্রান্ত।মহাবিদ্যালয়খনত বাতৰি লিখা পৰলৈ ৬গৰাকী ছাত্ৰ-ছাত্ৰীৰ, শিক্ষকৰ দেহত ক’ৰনাৰ উপস্থিতি ধৰা পৰিছে।জিলা প্ৰশাসনে উচ্চ শিক্ষানুষ্ঠানখনত ক’ভিড পৰীক্ষা অব্যাহত ৰাখিছে।
প্ৰাপ্ত খবৰ মতে ৬গৰাকী আক্রান্তৰ ভিতৰত ৫গৰাকী শিক্ষাৰ্থী আৰু ১ জন শিক্ষক।
তাৎপৰ্যপূৰ্ণ কথা শিক্ষানুষ্ঠানখনত ক’ৰনা আক্রান্ত ধৰা পৰাত অধিক চিন্তিত হৈছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল।
উল্লেখ্য যে মঙলবাৰে বি.বৰুৱা মহাবিদ্যালয়ত ধৰা পৰিছিল ক’ৰনা আক্রান্ত।