মাধৱদেৱৰ বৰগীত আৰু ভটিমা সমূহ অসমীয়া সাহিত্যৰ আপুৰুগীয়া সম্পত্তি। বৰগীত সমূহ ভক্তিপ্ৰাণৰ মৰ্মস্পৰ্শী প্ৰকাশ। দাস্য আৰু বাৎসল্য –এই দুয়োটা ভাবেৰেই বৰগীত সমূহ ৰচনা কৰা হৈছিল যদিও বাৎসল্যভাৱৰ গীত অধিক। গীতবোৰত শিশু চৰিত্ৰৰ অভিব্যক্তি , বৰ্ণনাৰ সজীৱতা , ভাষাৰ মাধুৰ্য আৰু কবি প্ৰাণৰ উচ্ছাস আৰু হৃদয়ৰ আকুতি অতি সুন্দৰ ভাবে প্ৰকাশ পাইছে।
“তেজৰে কমলাপতি” বৰগীতটিত সুন্দৰ ঘৰুৱা , গাঁৱলীয়া চিত্ৰ এখনিত ভগৱান শ্ৰী কৃষ্ণৰ শিশুলীলা সাধাৰণ শিশুৰ দৰে ফুটি উঠিছে—-
“তেজৰে কমলা পতি পৰভাতে নিন্দ”।
তেৰি চান্দ মুখ পেখোঁ উঠৰে গোবিন্দ ।।”
মাতৃ যশোদাই তেওঁৰ পুত্ৰ কৃষ্ণক এইবুলি জগাইছে —হে লক্ষীৰ পতি , ৰাতি পোহৰ হ’ল , হে গোবিন্দ তুমি সাৰ পাই উঠা , মই তোমাৰ চন্দ্ৰৰ নিচিনা মুখ খনি চাওঁ।
” ৰজনী বিদূৰ দিশ ধৱলি বৰণ ।
তিমিৰ ফিৰিয়া বাজ ৰবিৰ কিৰণ ।।”
ৰাতিৰ আন্ধাৰ আতৰি গৈছে , আকাশ ধৱল বৰণীয়া হৈছে । আন্ধাৰ ফালি সূৰ্যৰ কিৰণ ওলাই আহিল।
“শত পত্ৰ বিকশিত ভ্ৰমৰ উৰায়।
ব্ৰজ বধু দধি মথে তুৱা গুণ গায় ।।”
ৰবিৰ কিৰণ লাগি ফুলবোৰ ফুলি উঠাত ভোমোৰা বোৰো উৰিবলৈ ধৰিছে। কৰ্মব্যস্ত ব্ৰজৰ বোৱাৰী বোৰে তোমাৰ গুণ গাই দধি মথিব ধৰিছে।
” দাম সুদাম ডাকে তেৰি লৈয়া নাম।
হেন দেখি উঠিয়া আসিল বলৰাম ।।”
দাম-সুদামে তোমাৰ নাম ধৰি মাতিব লাগিছে আৰু চোৱা বলৰামো সাৰ পাই উঠি আহিল।
“নন্দ গেল বাথানে গোৱাল গেল পাল ।
সুৰভি চাৰিতে লাগে উঠৰে গোপাল।।”
পিতা নন্দ গৰু , ম’হৰ পাললৈ গ’ল। হে গোপাল,তুমি দামুৰী চাৰিব লাগে উঠি আহা।
“ক্ষীৰ লৱনু লৈয়া শিঙা বেত বেনু ।
সকালে মেলিয়ো বৎস হাম্বালায়ে ধেনু ।।”
তুমি ক্ষীৰ লৱনু খাই বেত -বেনুলৈ দামুৰীবোৰ মেলি দিয়া । গাইবোৰে হেম্বেলিয়াই আছে।
“কহয় মাধৱে মাই কিনু তপসাইলা।
ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলা।।”
মহাপুৰুষ মাধৱদেৱে আই যশোদাক কৈছে –হে মাই তুমি নিশ্চয় বহুত তপস্যা কৰিছিলা , যাৰ ফলত ত্ৰিজগতৰ স্বামী ভগৱান শ্ৰী হৰিক গৰখীয়া কৰি ৰাখিব পাৰিছা।
সহজ সুৰীয়া ব্ৰজাৱলী ভাষা আৰু অমৃত মধুৰ ভাৱৰ মাজেৰে স্বৰ্গৰ পৰম ব্ৰহ্ম মৰ্তলৈ নামি আহি কৃষ্ণ অৱতাৰ ৰূপে বৰগীতত প্ৰতিভাত হৈছে। মহাপুৰুষীয়া ধৰ্মত গীত , পদ , নাট , ভটিমা আদিৰ সুৰ , তাল , লয় , ছন্দই সাংসাৰিক জীৱনত কৰ্মৰ মাজতো ভক্তিৰ সাগৰত বুৰাই ৰাখিব পাৰিছে। ইয়াক বৰ্ণনাৰে নহয় , মাথো অনুভৱেৰে জুখিব পৰা যায়।