পেগাছাছ বিতর্ক সন্দর্ভত তদন্তৰ বাবে পশ্চিমবংগ চৰকাৰে গঠন কৰা মদন বি লুকুৰ আয়োগৰ সকলো কাম- কাজত স্থগিতাদেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে ৷ মুখ্য ন্যায়াধীশ এন ভি ৰমন,ন্যায়াধীশ সূর্য কান্ত আৰু হিমা কোহলিৰ বিচাৰপীঠে মদন বি লুকুৰৰ আয়োগৰ কাম কাজত স্থগিতাদেশ জাৰি কৰাৰ লগতে অয়োগৰ কার্যত অসন্তুষ্টি প্ৰকাশ কৰে ৷ কিয়নো যোৱা ২৫ আগষ্টত অনুষ্ঠিত শুনানিত পশ্চিমবংগ চৰকাৰৰ হৈ যুক্তি প্ৰদর্শন কৰি জ্য়েষ্ঠ অধিবক্তা এ এম সিংভীয়ে আশ্বাস প্ৰদান কৰিছিল যে উচ্চতম ন্য়ায়ালয়ে আয়োগখনৰ কাম-কাজক লৈ প্ৰদান কৰা বাধ্য বাধকতাসমূহ অৱগত কৰিব ৷ আজিৰ শুনানিত উচ্চতম ন্যায়ালয়ে কয় ‘ এয়া কি ? এই গোচৰটো উচ্চতম ন্যায়ালয়ত নিষ্পত্তি নোহোৱা পর্যন্ত আয়োগে কাম-কাজ নকৰে বুলি আশ্বাস প্ৰদান কৰিছিল ৷ কিন্তু এতিয়া আয়োগে নিজৰ কাম –কাজ আগবঢ়াই লৈ গৈছে ৷ অৱশ্যে সিংভীয়ে আদালতত প্ৰকাশ কৰে যে উচ্চতম ন্য়ায়ালয়ৰ ইচ্ছা অনুসৰি বাধ্য বাধকতা সন্দর্ভে অৱগত কৰোৱা হৈছিল যদিও ৰাজ্য চৰকাৰে আয়োগৰ কাম কাজত হস্তক্ষেপ কৰিব নোৱাৰে ৷ ইয়াৰ পাছতে উচ্চতম ন্য়ায়ালয়ে আয়োগখনৰ কাম কাজত স্থগিতাদেশ জাৰি কৰাৰ লগতে আয়োগৰ সচিবলৈ জাননী জাৰি কৰে৷ অৱেদনকাৰীৰ হৈ যুক্তি প্ৰদর্শন কৰি হৰিশ ছালভে,মহেশ জেঠমালানী আৰু ৰবি শর্মাই আয়োগৰ সদস্যক পক্ষ হিচাপে অন্তর্ভুক্ত কৰিবলৈ প্ৰার্থনা জনাইছিল৷ তদুপৰি তেওঁলোকে যুক্তি প্ৰদর্শন কৰে যে এখন ৰাজ্যই দেশৰ সকলো প্ৰান্তত পেগাছাছ কাণ্ড সংঘটিত হোৱা বুলি উঠা অভিযোগৰ তদন্তৰ নির্দেশ দিব নোৱাৰে ৷