আয় বৰ্হিভূত সম্পত্তি আহৰণৰ গুৰুত্বৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা নিলম্বিত ডি.আই.জি ৰৌনক আলি হাজৰিকাৰ পুনৰ জামিন আৱেদন নাকচ আদালতৰ। দ্বিতীয় বাৰলৈ জামিন আবেদন নাকচ হাজৰিকাৰ।
উল্লেখ্য মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখা ০৬/২১নম্বৰ গোচৰৰ জামিন আবেদন শুকুৰবাৰে নাকচ কৰে আদালতে।
গুৰুত্বপূৰ্ণ কথা গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা আৰক্ষী বিষয়া গৰাকীৰ পূৰ্বে ও জামিন নাকচ কৰিছিল বিশেষ ন্যায়াধীশৰ আদালতে।বিশেষ ন্যায়াধীশৰ আদালতক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও উচ্চ ন্যায়ালয়েও নাকচ কৰে জামিন।