আজি অসম গ্ৰন্থমেলাৰ লাইখুটা স্থাপন। চানমাৰি অসম অভিযান্ত্ৰিক খেল পথাৰত শুকুৰবাৰে পৰম্পৰাগত ৰীতি-নীতিৰে গ্ৰন্থমেলাৰ লাইখুটা স্থাপন কৰা হয়।অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাই প্ৰথমবাৰলৈ যৌথভাৱে অসম গ্ৰন্থমেলা আয়োজন কৰিছে।
২৯ডিচেম্বৰ পৰা ৯জানুৱাৰীলৈ ১২দিনীয়াকৈ অনুষ্ঠিত হ’বলগা অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, উপাধ্যক্ষ সুমন্ত চলিহা, বিশিষ্ট লেখক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী প্ৰমুখ্যে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাৰ বিষয়ববীয়া।
লাইখুঁটা স্থাপনত উপস্থিত থাকি বিশিষ্ট লেখক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে কয়-গ্ৰন্থমেলাত অসমৰ মানুহ উপচি পৰিব তাত সন্দেহ নাই।অসমীয়া গ্ৰন্থ বিক্ৰীৰে অভিলেখ সৃষ্টি কৰাবলৈ ৰাইজক আহ্বান।পিছত যাতে অসমীয়া গ্ৰন্থতকৈ ইংৰাজী গ্ৰন্থৰ বিক্ৰী বেছি হল বুলি শুনিবলগীয়া নহয় তাৰ বাবে অসমবাসীক আহ্বান জনায়।
গ্ৰন্থমেলাত গ্ৰন্থ ক্ৰয়ে চৰকাৰক ৰাইজে প্ৰমাণ দিয়ক অসমীয়া ভাষাৰ জনপ্ৰিয়তা বৰ্তমানো থকা বুলি- চৌধুৰীয়ে কয়।
আনহাতে,অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয়- গুৱাহাটী গ্ৰন্থমেলা ক্ষেত্ৰৰ নাম আছে।যোৱা বৰ্ষত অভিলেখ সৃষ্টি কৰিছিল গ্ৰন্থ বিক্ৰীয়ে’।
অসম গ্ৰন্থমেলা উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বহুকেইজন বিশিষ্ট সাহিত্যিক।
ইফালে গ্ৰন্থমেলাত বাংলাদেশৰ বহুকেইটা প্ৰকাশক গোষ্ঠীয়ে অংশগ্ৰহণৰ বাবে যোগাযোগ কৰি থকা বুলি জানিব দিয়ে।লগতে দিল্লী, কলিকতাৰো এখনকৈ বিপনীয়ে অংশগ্ৰহণ কৰিব।