আজি কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা মঙলদৈ বাণিজ্যক মহাবিদ্যালয়ৰ অধ্যক্ষ মহেশ চন্দ্ৰ ভূঞা পৰলোকপ্ৰাপ্তি ঘটে।শুকুৰবাৰে বিয়লি দিছপুৰ পলিক্লিনিক শেষ নিশ্বাস ত্যাগ কৰে।১৯২৯চনৰ ১৭ মেত জন্মগ্ৰহণ কৰা মহেশ চন্দ্ৰ ভূঞাৰ মৃত্যুৰ সময়ত বয়স আছিল ৯২বছৰ।
উল্লেখ্য যে ১৯৫৪-১৯৭৩চনলৈ তেতিয়াৰ কটন কলেজ আৰু বৰ্তমানৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক হিচাপে আছিল প্ৰয়াত ভূঞাই। মৃত্যুৰ সময়ত এৰি থৈ যায় পত্নী, দুই সন্তানক।
বিশিষ্ট শিক্ষাবিদ ভূঞাই ১৯৮০ -৮৫ চনলৈ গুৱাহাটী বিশ্ববিদ্যালয় পঞ্জীয়কৰ দায়িত্বত আছিল।তাৰ পৰৱৰ্তী পৰ্যায়ত ১৯৮৬-১৯৮৯ চনলৈ পলিউচন কণ্ট্ৰল বৰ্ডৰ অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিল।
শনিবাৰে পুৱাই কটন বিশ্ববিদ্যালয় চৌহদত প্ৰয়াত শিক্ষাবিদ ভূঞাৰ নশ্বৰদেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কটনৰ অধ্যাপক-অধ্যাপিকা লগতে ছাত্ৰ ছাত্ৰীসকলে।
বিশ্ববিদ্যালয়ৰ চৌহদতে ৰাজ্য চৰকাৰৰ হৈ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে শেষ শ্ৰদ্ধাঞ্জলি জনায়।
দুপৰীয়া ভাগলৈ গুৱাহাটী নৱগ্ৰহ শ্মশানত শেষকৃত সম্পন্ন হয় ভূঞাৰ নশ্বৰদেহ।