গুৱাহাটী মহানগৰ পৌৰনিগমে মহানগৰৰ স্বচ্ছতাৰ বাবে এক নতুন প্ৰচেষ্টা হাতত লোৱা পৰিলক্ষিত হৈছে ৷গুৱাহাটীৰ নলা-নৰ্দমাকে আদি কৰি সমগ্ৰ মহানগৰীয় এলেকা সমূহ পৰিস্কাৰ কৰি ৰাখিবৰ বাবে তেওঁলোকে সহায় লৈছে এক বিশেষ ধৰণৰ মেচিনৰ ৷ ১০,০০০লিটাৰ ক্ষমতা সম্পন্ন এই মেচিনযুক্ত ‘চুপাৰ চাকাৰ ট্ৰাক সমূহৰ জৰিয়তে নলা-নৰ্দমা পৰিস্কাৰ কৰাৰ ক্ষেত্ৰত কম সময়ৰ প্ৰয়োজন হ’ব আনহাতে কৃত্ৰিম বানে জুৰুলা কৰা বিভিন্ন অঞ্চল সমূহৰ ৰাইজক ই কিছু সকাহ দিবলৈ সক্ষম হ’ব৷
অহা প্ৰায় ১৫ৰ পৰা ৩০ দিন পৰ্য্যন্ত দিল্লীৰ পৰা অনা এটা বিশেষজ্ঞ দলে গুৱাহাটীৰ স্থানীয় কৰ্মী সকলক এই মেচিন ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰিব ৷
যোৱা অক্টোবৰত চান্দমাৰীত হোৱা কৃত্ৰিম বানপানীৰ সমস্যাৰ পৰা চান্দমাৰী বাসীক উদ্ধাৰ কৰিবৰ বাবে মহানগৰ পৌৰনিগমে এই ‘চুপাৰ চাকাৰ’ ট্ৰাক ব্যৱহাৰ কৰি ফাষ্ট ট্ৰেক নৰ্দমা পৰিস্কাৰ ব্যৱস্থা হাতত লৈছিল ৷
পলিথিন,প্লাষ্টিকৰ বটল,গিলাছ আদিৰ অবাধ ব্যৱহাৰৰ ফলত সৃষ্টি হোৱা অসুবিধা তথা কৃত্ৰিম বানপানীৰ পৰা মহানগৰবাসীক ৰক্ষা কৰাৰ বাবে আৰু প্ৰকৃতি সুৰক্ষাৰ বাবে একোজ আগুৱাই মহানগৰ পৌৰ নিগমে হাতত লোৱা এই প্ৰচেষ্টাৰ শলাগ লৈছে গুৱাহাটী বাসীৰ লগতে সমগ্ৰ অসম বাসীয়ে ৷