উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে সময়ে সময়ে দেশখনৰ নাগৰিকসকলৰ প্ৰতি দিয়া আজৱ নির্দেশে বিশ্ববাসীকে হতচকিত কৰি আহিছে ৷ শেহতীয়াকৈ এইজন ৰাষ্ট্ৰপ্ৰধানে দিয়া নির্দেশনাই চকু কপাঁলত তুলিছে বিশ্ববাসীৰ ৷ উত্তৰ কোৰিয়াত সম্পূর্ণ ১১ দিনলৈ নাগৰিকসকলে হহাঁৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হৈছে ৷ তদুপৰি দেশখনত বলবৎ কৰা হৈছে আন কেতবোৰ নিষেধাজ্ঞাও ৷ বর্তমানৰ শাসক কিম জং উনে দেশখনৰ প্ৰাক্তন একনায়ক কিম জং ইলৰ দশম মৃত্যুবার্ষিকী উপলক্ষে এই নিষেধাজ্ঞা আৰোপ কৰিছে ৷ ১৭ ডিচেম্বৰৰ পৰা ১১ দিনলৈ জাৰি কৰা হৈছে এই নিষেধাজ্ঞা ৷ ৰেডিঅ’ ফ্ৰী এছিয়াৰ বাতৰিত প্ৰকাশ পোৱা অনুসৰি এই সময়ছোৱাত কোনো লোকৰ মৃত্যু ঘটিলে, তেওঁলোকৰ পৰিয়ালে জোৰকৈ কন্দা কটাও কৰিব নোৱাৰিব ৷ তদুপৰি এই ১১ দিনত দেশখনৰ নাগৰিকসকলে সুৰাপান আৰু বজাৰ-সমাৰ কৰিব নোৱাৰিব ৷ এনে নিষেধাজ্ঞা ভংগ কৰা সকলক আদর্শগত অপৰাধী বুলি গণ্য কৰা হ’ব ৷ কিম জং উনৰ নির্দেশনা ভংগ কৰিলে মৃত্যুদণ্ড পর্যন্ত বিহা হয় ৷
ইয়াৰ পূর্বেও কেতবোৰ এনে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল ৷ শাসকীয় পক্ষৰ এনে নিয়ম ভংগ কৰি বহু লোকে প্ৰাণ হেৰুৱাইছিল ৷ ১১ বছৰ শাসন কৰাৰ পাছত ২০১১ চনৰ ১৭ ডিচেম্বৰত দেশখনৰ আটাইতকৈ কঠোৰ আৰু অহংকাৰী শাসক কিম জং ইলৰ মৃত্যু হৈছিল ৷