গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত নীলাচল এডুকেশ্বনেল ৱেলফেয়াৰ ছ’চাইটিৰ উদোগত অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ ১৩৬ তম জন্ম জয়ন্তীত শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যাল়য়ৰ অধ্যাপক তথা ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰাল়য়ৰ পৰা চিনিয়ৰ ফেল’শ্বিপ প্ৰাপ্ত সীমান্ত শৰ্মাৰ ৰচিত আৰু পৰিচালিত নাট ‘আত্মবল’ মঞ্চস্থ কৰা হয়।নাটখন অম্বিকাগিৰী ৰায়চৌধুৰীৰ শিশু কালৰ ওপৰত ৰচিত।নাট খনত প্ৰতিটো দৃশ্যত অম্বিকাগিৰী ৰায়চৌধুৰীৰ শিশু কাল প্ৰতিফলিত হৈছে।
শিশুকালৰ পৰাই অম্বিকাগিৰী ৰায়চৌধুৰী স্বাধীন মনোভাৱত নিয়োজিত আছিল।শৈশৱৰ পৰাই শংকৰী কলা কৃষ্টিৰ লগত জড়িত হৈ সত্ৰীয়া নৃত্য, বৰগীত-নাম প্ৰসংগ পৰিৱেশনত কৰিছিল।দুষ্টক দমন, জাতি-ভেদ, ধনী-দুখীয়া, ধৰ্ম আদি বিষয়বোৰ জনগণৰ পৰা আঁতৰাবলৈ তেওঁ চেষ্টা কৰিছিল।
ৰায়চৌধুৰীয়ে সকলোকে একগোট কৰি বিভেদকামীক দমন কৰিবলৈ অহৰহ চেষ্টা চলাইছিল শৈশৱতে তাক স্পষ্টকৈ নাট্যকাৰে তুলি ধৰা প্ৰয়াস কৰিছে।
নাটখনত অম্বিকাগিৰী ৰায় চৌধুৰীৰ বেশত ৰাজ বিশ্বাসে প্ৰতিটো দৃশ্যত সুন্দৰকৈ অভিনয় কৰিছে।
নাটকখনত দুটা দৃশ্য ছাঁ পুতলাৰ জৰিয়তে অভিনয় কলা দেখুৱাই অসমৰ লোক কলাক প্ৰসাৰ আৰু প্ৰচাৰ চলোৱা কাৰ্য্যত সীমান্ত শৰ্মা প্ৰশংসাৰ যোগ্য।ছাঁ পুতলা যিহেতু মহাপুৰষ শ্ৰীমন্ত শংকৰ দেৱৰ জন্মৰ সময়ৰ পৰাই চলি থকা অসমৰ এটি লোক কলা।তাৰোপৰি নাট খনত সত্ৰীয়া নৃত্য পৰিৱেশনেও নাটৰ মানদণ্ড উচ্চ পয্যায়লৈ নিছে বুলি দৰ্শক সকলে মতামত প্ৰদান কৰে।