সমাজ আৰু সংস্কৃতিৰ হকে প্ৰায় ২০ বছৰ ধৰি নিৰৱছিন্ন ভাৱে কাম কৰি অহা সমাজৰ এক অগ্ৰণি স্বেচ্ছাসেৱী অনুষ্ঠান সাতসৰী ৷ বিভিন্ন সময়ত ভিন ভিন সাংস্কৃতিক আৰু সামজিক কাৰ্য্য পন্থা হাতত লৈ সমাজলৈ অৱদান আগবঢ়োৱা সাতসৰীৰ আধ্যাত্মিক শাখাৰ দ্বাৰা পৰিচালিত ভাগৱত পাঠ অনুষ্ঠানৰ ১৬ ডিচেম্বৰ তাৰিখে সামৰণি পৰে ৷
সাতসৰীৰ সভানেত্ৰী মন্দিৰা বৰুৱাৰ নেতৃত্বত তথা সংস্থাটোৰ আন আন বিষয় ববীয়া অৰু সদস্যা সকলৰ সহযোগিতাত কৰ’ণাকালত মানসিক ভাৱে ভাগি পৰা জনগণক সবল কৰি ৰখাৰ প্ৰয়াসেৰে সাতসৰীয়ে সামাজিক আৰু সাংস্কৃতিক অনু্ষ্ঠান সমূহৰ জৰিয়তে ৰাইজক পোহৰৰ বাট দেখুৱাবলৈ সক্ষম হৈছে ৷ শেহতীয়া ভাৱে সমাজ তথা নতুন প্ৰজন্মক আধ্যাত্মিক চিন্তাৰ দ্বাৰা সু-শৃংখলিত কৰা আৰু সমাজৰ পৰা হিংসা-বিদ্বেষ, অসূয়া-অশান্তি দূৰ কৰাৰ মানসেৰে সংস্থাটোৰ আধ্যাত্মিক শাখাৰ দ্বাৰা সাতসৰীৰ হাতীগাওঁ স্থিত নিজ কাৰ্য্যালয়ত কেইবাদিন জুৰি ভাগৱত পাঠ অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ ১৬ডিচেম্বৰ তাৰিখে এই আধ্যাত্মিক অনু্ষ্ঠানৰ সফল সমাপ্তি ঘটে ৷
সাতসৰীৰ এই সামজিক দায়বদ্ধতা আৰু কাৰ্য্যপন্থাৰ বাবে অনু্ষ্ঠানটি সমাজৰ বাবে এক আদৰ্শ হৈ পৰাৰ লগতে সাধাৰণ ৰাইজেও এই প্ৰচেষ্টাৰ ভূয়সী প্ৰশংসা কৰিছে ৷