এইবাৰ এনফর্চমেণ্ট সঞ্চালকালয়ৰ ৰোষত পৰিছে বলিউডৰ আন এগৰাকী মোহময়ী অভিনেত্ৰী ৷ জেৰাৰ বাবে এনফর্চমেণ্টে চমন জাৰি কৰিছে প্ৰাক্তন বিশ্ব সুন্দৰী ঐশ্বর্য ৰায়লৈ৷ বিদেশত থকা সা-সম্পত্তি সন্দর্ভত ৪৮ বছৰীয়া ঐশ্বর্যক জেৰা কৰিব বিচাৰিছে এনফর্চমেণ্টে ৷ মেগা ষ্টাৰ অমিতাভ বচ্চনৰ বোৱাৰী ঐশ্বর্যক পূর্বেও দুবাৰকৈ জেৰাৰ বাবে চমন জাৰি কৰিছিল এনফর্চমেণ্ট সঞ্চালকালয়ে ৷ কিন্তু ইয়াৰ পূর্বে তেওঁ এনফর্চমেণ্টৰ ওচৰত হাজিৰ হোৱাৰ বাবে সময় বিচাৰিছিল ৷বচ্চন পৰিয়াললৈ ২০০৪ চনতে এনফর্চমেণ্টে জাননী জাৰি কৰিছিল ৷ বিদেশলৈ প্ৰেৰণ কৰা ধন সন্দর্ভত এই জাননী জাৰি কৰিছিল এনফর্চমেণ্টে ৷
ইফালে,ঐশ্বর্য ৰায়ে বিদেশলৈ প্ৰেৰণ কৰা ধন সন্দর্ভত নথি-পত্ৰ ইতিমধ্যে অনুসন্ধানকাৰী সংস্থাটোক প্ৰদান কৰিছে যদিও এতিয়া অভিনেত্ৰী গৰাকীৰ জবানবন্দী ল’ব বিচাৰিছে এনফর্চমেণ্টে ৷ উল্লেখ্য যে দেশৰ একাংশ পুঁজিপতি আৰু চেলিব্ৰিটিয়ে কৰৰ পৰা ৰেহাই পাবলৈ বিদেশত বিনিয়োগ কৰাৰ লগতে কোম্পানী স্থাপন কৰাৰ তথ্য পোহৰলৈ আহিছিল ৷ এই সন্দর্ভত সংবাদমাধ্যমত সবিস্তাৰে প্ৰকাশ পোৱাৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃ্ষ্টি হৈছিল ৷ প্ৰায় ৩০০ গৰাকী ভাৰতীয়ৰ নাম সাঙোৰ খাই পৰিছিল এই পানামা পেপার্ছ গোচৰত ৷