প্ৰাকৃতিক সৌন্দৰ্য , বিনন্দিয়া সংস্কৃতি আৰু চহকী পৰম্পৰাৰে অসমে এক সুকীয়া আসন লাভ কৰি আহিছে। বিভিন্ন জাতি- উপজাতিৰ সংস্কৃতিৰে গঠিত অসমীয়া সমাজ । অসম কৃষি প্ৰধান ৰাজ্য। কৃষিয়েই হল অসমীয়া সমাজৰ প্ৰধান জীৱিকা। ধানেই হল প্ৰধান শস্য।
আঘোনৰ বতৰত “নখোৱা” উৎসৱ :-
আঘোন মাহত কৃষক সকলে খেতি চপাই ঘৰলৈ আনে। আঘোনত “ন খোৱা ” এক পৰম্পৰাগত উৎসৱ। ৰ’দে-বৰষুণে অশেষ কষ্ট কৰাৰ পাছত আঘোনত কষ্টৰ ফচলে যেতিয়া ভড়ালত স্থান পায় , খেতিয়কৰ মন আনন্দত নাচি উঠে । সপোনে যেন দিঠকত পূৰ্ণতা পায়। ভাল দিন এটা চাই , নতুন ধানৰ চাউলেৰে ভগৱানৰ আশীষ বিচাৰি নৈবেদ্য আগবঢ়াই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনায়। অতীজৰে পৰা চলি অহা পৰম্পৰা মতে , আনন্দ -ফুৰ্তি-তামাচা কৰি সকলোৱে নতুন চাউলেৰে নিজৰ সাধ্য অনুসৰি ভাত এসাজ খায়। কিছুমান অঞ্চলত গাৱঁৰ সকলো মানুহ একেলগ হৈ আনন্দ-ধেমালিৰে “নখোৱা ” উৎসৱ পালন কৰে। অতীজৰে পৰা অসমত আঘোনত “ন-খোৱা” পৰম্পৰা চলি আহিছে ।
আঘোনত খেতি চপোৱাৰ পাছত যেন খেতিয়কে কৰ্মজীৱনত কিছু সময়ৰ বাবে সকাহ পায়। ধান- চাউলেৰে টনকিয়াল হৈ থাকে বাবে মনবোৰো আনন্দময় হৈ থাকে ।এই আঘোন মাহতে স্থান ভেদে কিছুমান উৎসৱ পালন কৰা দেখা যায়।
মহ’হো বা মহউ-হউ:—
নামনি অসমৰ বহু ঠাইত আঘোন মাহৰ পূৰ্ণিমাৰ দিনা গাৱঁৰ চেমনীয়া সকলে জাক – পাতি ঘৰে ঘৰে ম’হ খেদা গীত গায়।গীত গোৱা সময়ত বাঁহৰ এচাৰি বা টাঙোনেৰে মাটিত খুন্দিয়াই ছন্দোবদ্ধ শব্দ তোলে। এই উৎসৱৰ জৰিয়তে অতীজত বনৰীয়া ম’হ খেদা হৈছিল বুলি জানিব পৰা যায়।
‘অ হ’ৰি ম’হহো
মহ খেদবা টাকোন ল’
মহে বোলে মল্লুৰে
টেপন পুৰা খালোং ৰে
টেপনত নহল ল’ন
চাউল কাৰে দন দন।
চাউল নিদি দিলাক কড়ি
এন্তোৰ ঘৰ লৰি চৰি
লৰি চৰি যাওঁতে
সোণাৰ নাঙাল বাওঁতে
সোণাৰ নাঙাল ৰূপৰ পাল
ৰজাৰ বেটায় বায় হাল
হাল নিলো হিৰালে
মৈ দিলো পাতে
ম’হৰ মাকক পাৰ কৰিলো
বুঢ়া দিয়াৰ ঘাটে।
থুপৰি হ’ৰে থুপৰি হো
কাণা – কুঁজা একপাল হো
কাণা – কুঁজা ধোনা খোৱা
ওজা মাতিলো বৰেৰ পুৱা
ওজা মাতি পালো লাজ
তিনি বামুণৰ তিনি কাজ।”
চেমনীয়া সকলে এচাৰিৰে মাটি খুন্দি খুন্দি গীত গায় আৰু গৃহস্থই তামোল-পাণৰ শৰাইত মাননি আগবঢ়ায়। এনেদৰে গীত গাই গৃহস্থৰ পৰা পোৱা মাননিৰে পাছত ভোজ-ভাত খায়। বৰপেটা অঞ্চলত এই উৎসৱৰ এতিয়াও অস্তিত্ব আছে।
শিৱ-শিৱ মাগা বা অৰি মাগা গীত:—
গোৱালপাৰা জিলাত প্ৰচলিত এবিধ লোকগীত। আঘোন মাহৰ পূৰ্ণিমা তিথিত ডেকা-ল’ৰা বিলাকে দল বান্ধি মানুহৰ ঘৰে ঘৰে অৰি মাগি ধান বিচাৰি ঘূৰি ফুৰে।দলৰে এজনক ভালুক সজাই বাকীবোৰে ‘অৰিমগা ‘ গীত গায়৷
” অৰি অৰি ভাই
খড়ি আনিবা দীঘল চাই
যিও খড়ি একা বেকা
তাতে পৰিল মাছেলেকা
মাছেলেকা হিদিও দিউ
এক্কে টিপে ওলাম জিউ
জিউৰে খেলা, নকৰিবি হেলা
হেলা কৰিলে বেলা হয়
ছাওৱা চোটৰ খেলা নহয়
শিব শিব।”
” আজিহে আইচুঙ ভাই
তোমাৰ চোতালত
চিনি না নিচিনি গোৱালপাৰীয়া লোক।
ধান দে কুৰি , চাউল দে বুঢ়ি
ধান নিদিলে চোতাল খুন্দ
চোতাল খুন্দা যায়ৰে
আমাৰ দোষ নাইৰে।
শিৱ শিব।”
অৰি মাগা ধান বিক্ৰী কৰি পোৱা টকাৰে সকলোৱে মিলি একেলগ হৈ আনন্দ- ফুৰ্তিৰে ভোজ ভাত খায়।গোৱালপাৰা অঞ্চলত ” অৰিমাগা” পৰম্পৰা এতিয়াও প্ৰচলিত।
কালি সাধন :–
গৌৰীপুৰ অঞ্চলত আঘোন মাহত হোৱা “কালি সাধোনত ” , কেইজনমান ল’ৰা -ছোৱালীয়ে ঘৰে ঘৰে ‘কালি’ সাধক হৈ ঘুৰি ফুৰে। আগদিনাৰ পৰা উপবাশে থাকি এজনক ‘কালি’ ঠাকুৰাণী আৰু এজনক ভালুক সজাই ঢাক বজাই প্ৰতি ঘৰে ঘৰে মাগি ফুৰে । কামৰূপৰ ম’হহো গীত বা গোৱালপাৰাৰ ‘অৰিমাগা ‘গীতৰ লগত ‘ কালি সাধনৰ ‘ সাদৃশ্য দেখিবলৈ পোৱা যায়।
সাংস্কৃতিক ক্ষেত্ৰত অসম বিভিন্ন উপাদানেৰে চহকী।অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰে আছে নিজা নিজা বৈশিষ্ট ৷ আমাৰ এই সুন্দৰ সংস্কৃতিৰ সুন্দৰ পৰম্পৰাবোৰ নতুন প্ৰজন্মলৈ আগবঢ়াই দিয়াটো প্ৰতিগৰাকী অসমীয়াৰেই দায়িত্ব ও কৰ্তব্য ।