সোমবাৰে সৰভোগত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিন্হাই জানিবলৈ দিয়া মতে বাৰ্থদে’ পালন কৰিবলৈ আহি মমবাতিৰ পৰা যুৱতীগৰাকীৰ শৰীৰত জুই লাগে ৷
সৰভোগৰ বেঁকী নৈৰ দলঙত বাৰ্থদে’ চেলিব্ৰেট কৰিবলৈ আহিছিল যুৱক-যুৱতীহাল ৷ সৰভোগৰ বাসিন্দা যুৱক-যুৱতী হালে দলঙৰ ওপৰত কেক কাটিবলৈ লওঁতে মমবাতিৰ পৰা জুই লাগি উক্ত ঘটনা সংঘটিত হয় ৷আহত দুয়োকে বৰপেটা মেডিকেল কলেজত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় ৷
বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিন্হাই জনোৱা মতে বাৰ্থদে’ পালন কৰিবলৈ আহি মমবাতিৰ পৰা অগ্নিদগ্ধ হোৱা যুৱক যুৱতী হালে AS19 N 8376 নম্বৰৰ এখন বাহনত উঠি আহিছিল আৰু ঘটনা সংঘটিত হোৱাৰ পিছত সেই বাহনতেই বৰপেটা মেডিকেল কলেজলৈ যাবলৈ চেষ্টা কৰিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত ১০৮ ৰ বাহনেৰে যুৱক যুৱতীহালক বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ৷ সম্প্ৰতি দুয়ো মেডিকেল কলেজত চিকিৎসাধীন হৈ আছে ৷ যুৱক-যুৱতীহালৰ লগত বাৰ্থদে’ চেলিব্ৰেট কৰিবলৈ অহা তেওঁলোকৰ বন্ধু নৱজিৎ দাসক ইতিমধ্যে আৰক্ষীয়ে বৰপেটা আৰক্ষী থানালৈ লৈ গৈ কেনেকৈ এই ঘটনা সংঘটিত হ’বলৈ পালে তাৰ সোধপোছ আৰম্ভ কৰিছে ৷ এই ঘটনা কেনেকৈ সংঘটিত হ’বলৈ পালে তাক লৈ সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে সৃষ্টি হৈছে ৰহস্যৰ ৷