বিদেশলৈ প্ৰেৰণ কৰা ধন সন্দর্ভত প্ৰাক্তন বিশ্বসুন্দৰী তথা বচ্চন পৰিয়ালৰ বোৱাৰী ঐশ্বর্য ৰায়ক এনফর্চমেণ্টে জেৰা কৰাৰ সময়তে ৰাজ্যসভাৰ মজিয়াত সমাজবাদী পার্টীৰ সাংসদ জয়া বচ্চন খঙত টিঙিৰিতুলা হৈ পৰা পৰিলক্ষিত হয় ৷ নার্কটিক ড্ৰাগছ এণ্ড চাইক’ট্ৰপিক ছাবষ্টেনচ এক্টৰ সংশোধনীৰ বাবে জয়া বচ্চনে বিতর্কত ভাগ লোৱাৰ সময়তে এজন সাংসদে তেওঁৰ বিৰুদ্ধে কৰা ব্যক্তিগত মন্তব্যত ক্ষুন্ন হৈ পৰে ৷ ইয়াক লৈ উত্তেজিত হৈ পৰা জয়া বচ্চনে সংসদৰ মজিয়াতে বিজেপিৰ শীঘ্ৰে বেয়া দিন আহিব বুলি অভিশাপ দিয়ে ৷
সাংসদগৰাকীয়ে কয় ‘ মোৰ বিৰুদ্ধে ব্যক্তিগত মন্তব্য কৰা সাংসদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক ৷ কাৰোবাক লৈ কোনোবাই কিদৰে ব্যক্তিগত মন্তব্য কৰিব পাৰে ৷ তেওঁ কৈছে যে সতীর্থ আৰু বাহিৰত আন্দোলনত বহি থকা সাংসদসকলৰ প্ৰতি কাৰো হৃদয়ত অলপো সন্মান নাই ৷ অপোনালোকৰো বেয়া দিন আহিব ৷ মই অভিশাপ দিছো ৷’
উল্লেখ্য যে নার্কটিক ড্ৰাগছ এণ্ড চাইক’ট্ৰপিক ছাবষ্টেনচ এক্টৰ সংশোধনীৰ বিতর্কত অংশগ্ৰহণৰ বাবে জয়া বচ্চনক আমন্ত্ৰন জনোৱা হৈছিল ৷ সেই সময়ত বিতর্কত ভাগ লৈ প্ৰথমে জয়া বচ্চনে অধ্যক্ষৰ আসনত বহি থকা ভুবনেশ্বৰ কলিতাক উদ্দ্যেশি কয় ‘ মই আপোনাক ধন্যবাদ দিব নিবিচাৰো ৷ বিৰোধীৰ আসনত বহি থকাৰ সময়ত আপুনি হুলস্থুল কৰি ৱেলৰ ওচৰলৈ যোৱাৰ কথাই মনত পেলাও নে অপুনি আজি অধ্যক্ষৰ আসনত বহি আছে সেই কথাতো মনত পেলাওঁ মই ভাবিব পৰা নাই ৷ “ এই বক্তব্য ৰখাৰ পাছতে বিজেপি সাংসদ ৰাকেশ সিনহাই অভিযোগ কৰে যে জয়া বচ্চনে এনে মন্তব্যৰে সংসদৰ গৰিমা লাঘৱ কৰিছে ৷ এইদৰে অধ্যক্ষক কোনেও অপমান কৰিব নোৱাৰে ৷ তৎসত্বেও অধ্যক্ষৰ আসনত বহি থকা ভুৱনেশ্বৰ কলিতাই জয়া বচ্চনক ‘মাননীয়’ বুলি সম্বোধন কৰি পুনৰ নিজৰ বক্তব্য ৰাখিবলৈ আহ্বান জনায় ৷ সেই সময়ত সাংসদ বচ্চনে পুনৰ কয় ‘ আপুনি মোক মাননীয় বুলি সম্বোধন কৰা বাবে ধন্যবাদ জনাইছো ৷ কিন্তু আপুনি সঁচাকৈয়ে মোক যদি মাননীয় বুলি ভাৱে তেনেহ’লে মোৰ কথা মনযোগ দি শুনক ৷ চৰকাৰৰ পৰা আমি ন্যায় আশা কৰিব নোৱাৰো ৷ আপুনি আমাক ন্যায় দিব পাৰিবনে ? সংসদৰ বাহিৰত প্ৰতিবাদত বহি থকা সাংসদসকলৰ প্ৰতি আপুনি কি ব্যৱস্থা ল’ব ?” উল্লেখ্য যে সদনৰ পৰা বহিষ্কাৰ কৰা ১২ বিৰোধী সাংসদে প্ৰতিবাদী কার্যসূচী অব্যাহত ৰাখিছে ৷