ভাৰতৰ দহটা শীৰ্ষ প্ৰতিষ্ঠানৰ ভিতৰত আঠটা প্ৰতিষ্ঠানৰ হ্ৰাস পাইছে বজাৰ মূলধন ৷ আঠটাকৈ শীৰ্ষ প্ৰতিষ্ঠানৰ বজাৰ মূল্য যোৱা সপ্তাহত ২.৬১লাখ কোটি টকালৈ হ্ৰাস পাইছে ৷আঠোটা প্ৰতিষ্ঠানৰ ভিতৰত সৰ্বাধিক বজাৰ মূলধন হ্ৰাস পোৱা প্ৰতিষ্ঠানটো হৈছে ৰিলায়েন্স ইণ্ড্ৰাট্ৰিজ লিমিটেড ৷ আনহাতে শীৰ্ষ দহটা প্ৰতিষ্ঠানৰ ভিতৰত বজাৰমূল্ধন বৃদ্ধি পোৱা প্ৰতিষ্ঠান দুটা হৈছে ইনফ’ছিছ আৰু উইপ্ৰ’ ৷
ৰিলায়েন্সৰ লগতে বজাৰ মূল্য হ্ৰাস পোৱা অন্যান্য প্ৰতিষ্ঠান সমূহ হৈছে এইচ ডি এফ চি,বাজাজ ফাইনেন্স ,এইচ ডি এফ চি বেংক .ইউনিলিভাৰ লিমিটেড,ভাৰতীয় ষ্টেট বেংক ,আই চি আই চি আই বেংক আৰু টি চি এছ ৷