ভেকচিনৰ প্ৰমাণপত্ৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো আঁতৰবালৈ উচ্চ ন্যায়ালয়ত আবেদন কৰি জৰিমনা ভৰিব লগীয়া হ’ল পিটাৰ মিয়ালিপাৰাম্পিল নামৰ এজন ব্যক্তিয়ে ৷ জৱাহৰলাল নেহেৰু লিডাৰশ্বীপ ইনষ্টিটিউত অৱ নিউ দিল্লীৰ ৰাজ্যিক পর্যায়ৰ প্ৰশিক্ষকজনে জনোৱা আবেদন নাকচ কৰি কেৰেলা উচ্চ ন্যায়ালয়ে তেওঁক জৰিমনা বিহে ৷ কোনো ৰাজনৈতিক উদ্দ্যেশ্য আৰু প্ৰচাৰ লাভৰ আশাত এই আবেদন দাখিল কৰা বুলি আশংকা কৰি কেৰেলা উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠ খনে কয় “ বিভিন্ন গোচৰত দোষী সাব্যস্ত হৈ জেলত বন্দী হৈ থকা হেজাৰ হেজাৰ লোকে তেওঁলোকৰ আবেদনৰ শুনানিৰ বাবে অপেক্ষা কৰি আছে ৷ বিবাহ সম্পর্কীয় গোচৰত হেজাৰজনে ৰায় প্ৰদানলৈ অপেক্ষা কৰি আছে ৷এনে পৰিস্থিতিত আদালতে তেনে আবেদন সমূহ অগ্ৰাধিকাৰ ভিত্তিত বিচাৰ কৰাটো প্ৰয়োজনীয় ৷ তেনে সময়তে এনেধৰণৰ উদ্দ্যেশ্যপ্ৰণোদিত আবেদন জৰিমনাৰে নাকচ কৰা উচিত ৷” তদুপৰি আবেদনকাৰীৰ প্ৰতি ন্যায়ালয়ে কয় “এগৰাকী প্ৰধানমন্ত্ৰীৰ নামত স্থাপন কৰা এখন প্ৰতিষ্ঠানত আপুনি কাম কৰে ৷ অপোনাৰ প্ৰতিষ্ঠানক সেই নামটো আতৰাই দিবলৈ নকয় কিয়?” উল্লেখ্য যে ভেকচিনৰ প্ৰমানপত্ৰত প্ৰধানমন্ত্ৰীৰ ফটো ছপা কৰাটো লজ্জাজনক বুলি অভিহিত কৰিছিল আবেদনখনত ৷