ক’ভিডৰ অ’মিক্ৰন ভেৰিয়েন্টৰ দ্ৰুত সংক্ৰমনক লৈ সতর্ক হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ ৷ বিশেষকৈ বিভিন্ন ৰাজ্যত অ’মিক্ৰনত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছতে কেন্দ্ৰই সতর্কবাণী জাৰি কৰিছে ৷ৰাজ্য চৰকাৰসমূহক যিকোনো পৰিস্থিতিৰ বাবে সাজু হ’বলৈ আহ্বান জনাইছে কেন্দ্ৰই ৷ ৰাজ্য চৰকাৰসমুহলৈ প্ৰেৰণ কৰা এখন পত্ৰৰ জৰিয়তে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে ডেল্টা ভেৰিয়েণ্টতকৈ অ’মিক্ৰন তিনিগুন অধিক সংক্ৰামক ৷ যাৰ বাবে যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’ব পৰাকৈ ‘ৱাৰ ৰুম’ সাজু কৰি ৰাখিবলৈ ৰাজ্যসমূহক আহ্বান জনাইছে এই প্ত্ৰৰ জৰিয়তে ৷ তদুপৰি জৰুৰীকালীন পুঁজি ব্যৱহাৰ কৰি স্বাস্থ্যখণ্ডত আন্তঃগাঠনি বৃদ্ধি , বিছনাৰ সংখ্যা বৃদ্ধি, এম্বুলেঞ্চ আৰু অক্সিজেন সজুঁলি ক্ৰয় কৰিবলৈ পৰামর্শ প্ৰদান কৰিছে ৷ একে সময়তে ৰাজ্য চৰকাৰসমূহক ভেকচিন অধিক দ্ৰুত গতিত প্ৰদান কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰই ৷ তদুপৰি গণ সংক্ৰমন হোৱা অঞ্চলসমূহৰ নমুনা জেন’মিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে কেন্দ্ৰই ৷ সকলো ক’ভিড ৰোগীৰ সংস্পর্শলৈ অহা লোকৰ ক’ভিড পৰীক্ষা কৰিবলৈ পৰামর্শ প্ৰদান কৰিছে কেন্দ্ৰই ৷ তদুপৰি দেশত বর্তমানেও ডেল্টা ভেৰিয়েণ্টৰ সংক্ৰমন হৈ আছে বুলিও কেন্দ্ৰই পত্ৰখনত উল্লেখ কৰিছে ৷
আনহাতে, দেশত অ’মিক্ৰন ভেৰিয়েণ্টত আক্ৰান্ত লোকৰ সংখ্যা ২১৩ জনলৈ বৃদ্ধি পাইছে ৷ মহাৰাষ্ট্ৰ আৰু দিল্লীত অ’মিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যাই ৫০ ৰ ঘৰ অতিক্ৰম কৰিছে ৷ তদুপৰি কেৰেলা,ওড়িষা, তেলেংগানা আদি ৰাজ্যসমূহতো দেখা গৈছে অ’মিক্ৰনৰ সংক্ৰমন ৷