ফিউচাৰ গ্ৰুপৰ সৈতে 2019 চনত কৰা এক চুক্তি সন্দর্ভত এনফর্চমেণ্ট সঞ্চালকালয়ে (ইডি) আৰম্ভ কৰা তদন্ত বাতিলৰ অর্জিৰে আদালতৰ কাষ চাপিছে এমাজন ৷ দিল্লী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি ই- কমার্চ প্ৰতিষ্ঠানটোৱে দাখিল কৰিছে আৱেদন ।
আইএএনএছত প্ৰকাশ পোৱা অনুসৰি মার্কিন যুক্তৰাষ্ট্ৰৰ ই-কমাৰ্চ প্ৰতিষ্ঠানটোৱে দিল্লী উচ্চ ন্যায়ালয়ত যোৱা ২১ ডিচেম্বৰত এখন লেখ আবেদন দাখিল কৰি বৈদেশিক মুদ্ৰা ব্যৱস্থাপনা আইন, ১৯৯৯ (ফেমা)ৰ অধীনত এনফর্চমেণ্ট সঞ্চালকালয়ে (ইডি) তেওঁলোকৰ বিৰুদ্ধে তদন্ত কৰাৰ পৰিসৰক লৈ প্ৰত্যাহ্বান জনাইছে ৷ এমাজনে কোনো বৈদেশিক সম্পর্ক নৰখাকৈ কৰা লেনদেন সন্দর্ভত আৰম্ভ কৰা তদন্তক প্ৰত্যাহ্বান জনাইছে ৷ এমাজনে যোৱা মাহত সংস্থাটোৱে আৰম্ভ কৰা তদন্ত আৰু চমনত অন্তৱৰ্তীকালীন স্থগিতাদেশ জাৰি কৰিবলৈ ন্যায়ালয়ক প্ৰার্থনা জনাইছে ৷