আজি ৰাষ্ট্ৰীয় কৃষক দিৱস। ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী চৌধুৰী চৰণ সিঙৰ স্মৃতিত ২০০১ চনৰ পৰা প্ৰতি বছৰে ২৩ ডিচেম্বৰত ৰাষ্ট্ৰীয় কৃষক দিৱস পালন কৰা হয়।
উত্তৰ প্ৰদেশৰ মিৰাটৰ নূৰপুৰত ১৯০২ চনৰ ২৩ ডিচেম্বৰত চৌধুৰী চৰণ সিঙৰ জন্ম হৈছিল। তেওঁ খেতিয়ক পৰিয়ালৰ সন্তান আছিল । সেইবাবে তেওঁ খেতিয়কৰ সমস্যা সমূহ ভালদৰে বুজিব পাৰিছিল।চৌধুৰী চৰণ সিঙে মাজে মাজে সভা পাতি আলোচনাৰ জৰিয়তে কৃষকক উৎসাহিত কৰিছিল।
চৌধুৰী চৰণ সিং আছিল ভূমি সংস্কাৰৰ আঁৰৰ প্ৰধান ব্যক্তি। তেওঁ কৃষিখণ্ডৰ উন্নতিৰ বাবে দেশৰ আটাইতকৈ ডাঙৰ কৃষি ৰাজ্য উত্তৰ প্ৰদেশৰ পৰিৱৰ্তন আনিছিল।
কূষিখণ্ডৰ বাবে তেওঁৰ কামবোৰৰ ভিতৰত উল্লেখযোগ্য আছিল
ঋণ মুক্তি বিধেয়ক (১৯৩৯)
এই আইন খনৰ জৰিয়তে ঋণী কৃষক সকলে ধন বা ঋণ দাতাৰ পৰা সকাহ পাইছিল। এই আইন খনৰ বাবে কৃষক সকলৰ দ্বাৰা সংঘটিত আত্মহত্যাৰ সংখ্যাৰ ওপৰতো ইতিবাচক প্ৰতিফলন ঘটাইছিল।
ভূমি ধাৰণ আইন (১৯৬০)
চৰণ সিঙ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈ থাকোতে এই পৰিৱৰ্তনশীল আইন খন কাৰ্যকৰী হৈছিল। আইন খনে এজন ব্যক্তিৰ ভূমি ধাৰণৰ সীমা নিৰ্ধাৰণ কৰি ৰাজ্যখনত একোতা নিশ্চিত কৰিছিল।
চৌধুৰী চৰণ সিঙে ৰাজ্য খনৰ কৃষি মন্ত্ৰী হৈ থাকোতে ১৯৫০ ৰ জমিদাৰী বিলুপ্তি আইনৰ বাবেও কাম কৰিছিল।
১৯৮০ চনৰ ১৪ জানুৱাৰীত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে। ৰাজঘাটত তেওঁৰ বাবে উৎসৰ্গিত এটা স্মাৰক নিৰ্মান কৰা হৈছিল আৰু ইয়াক “কিষান ঘাট” বুলি কোৱা হয়।
চৰণ সিঙে কৃষকৰ লগতে কৃষিক্ষেত্ৰ খনক আগুৱাই লৈ যোৱাৰ অৰিহনাক স্বীকৃতি দিবলৈ তেখেতৰ ওপজা দিনটোক ৰাষ্ট্ৰীয় কৃষি দিৱস হিচাপে উদযাপন কৰা হয়। আজি এই বিশেষ দিনটোত তেখেতক শ্ৰদ্ধাৰে সুঁৱৰিছো।